ৰাইজৰ ৰোষত মৃত্যু পত্নী হত্যাকাৰী স্বামীৰ

ৰাইজৰ ৰোষত মৃত্যু পত্নী হত্যাকাৰী স্বামীৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰত সংঘটিত হোৱা এই ডাবল মাডাৰৰ ঘটনাই কপাই গৈছে সমগ্ৰ ৰাজ্য। ঘটনাৰ স্থান গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাগনীৰ ৰহঢলা বস্তি। ৰহঢলা বস্তিৰ মন্তোষ গোড়(২৭) আৰু সোণালী বৈষ্ণৱ(২০) দুয়ো স্বামী-স্ত্ৰী। এবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা মন্তোষ গোড়ে তেওঁৰ পত্নীৰ সোণালীৰ ওপৰত প্ৰায়ে সুৰাসক্ত হৈ আক্ৰমণ চলাই আহিছিল।

পাৰিবাৰিক কথাত নিশা সুৰাপান কৰি পত্নীৰ ওপৰত শাৰীৰিক নিৰ্য্যাতন চলাই অহা মন্তোষে যোৱা নিশা অতি নিৰ্দয় ভাবে আক্ৰমণ কৰে পত্নী সোণালীৰ ওপৰত।চৰ,গোড়,লাঠীৰে চলোৱা নিৰ্বিচাৰ আক্ৰমণত তেজেৰে তুমুৰলি হৈ ঘৰৰ ভিতৰত সংজ্ঞাহীন হৈ পৰে পত্নী সোণালী বৈষ্ণৱ।

এটা সময়ত প্ৰাণ বায়ু উৰি যায় সোণালীৰ।পুৱা স্থানীয় ৰাইজে স্বামী মন্তোষৰ প্ৰহাৰত সোণালীৰ মৃত্যু হোৱা বুলি জানিব পাৰি তেওঁৰ বাসগৃহত সমবেত হয় স্থানীয় ৰাইজ।ইয়াৰ পিছত ৰাইজে ঘটনাৰ বিষয়ে গহপুৰ আৰক্ষীক খবৰ দিয়ে। সমবেত উত্তেজিত ৰাইজে হত্যাকাৰী স্বামী মন্তোষ গোড়ক ঘৰৰ চোতালত বান্ধি লৈ উপযুপৰি প্ৰহাৰ কৰে।

কাৰ্য্যবাহী দণ্ডাধীশ সহ আৰক্ষী গৈ ঘটনাস্থলীত পোৱালৈকৈ উত্তেজিত ৰাইজে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে মন্তোষ গোড়ক। ফলত ৰাইজৰ প্ৰহাৰত মূমৰ্ষ হৈ পৰে মন্তোষ।পৰবৰ্তী সময়ত গহপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে উত্তেজিত ৰাইজৰ বেহুৰ পৰা মূমৰ্ষ অৱস্থাত মন্তোষ গোড়ক উদ্ধাৰ কৰি গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰে।

কিন্তু স্বাস্থ্যৰ অৱনতি ঘটি আজি বিয়লি প্ৰায় ১ বজাত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মন্তোষ গোড়ৰ। আৰক্ষীয়ে মৃত মন্তোষৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। ঘটনা সন্দৰ্ভত গহপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। গহপুৰৰ গ্ৰামাঞ্চল সমূহত চুলাই আৰু লাওপানীৰ অত্যাধিক প্ৰচলনে এনেধৰণৰ ঘটনা সমূহ সংঘটিত কৰাত অৰিহণা যোগাই আহিছে বুলি মন্তব্য কৰিছে সচেতন ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in