সন্মুখত আসন্ন মৃত্যু ! ভিতৰত থাকিলে ভূমিকম্প, বাহিৰত হাড় কপোৱা জাৰ

সন্মুখত আসন্ন মৃত্যু ! ভিতৰত থাকিলে ভূমিকম্প, বাহিৰত হাড় কপোৱা জাৰ

ডিজিটেল ডেস্ক : ছিৰিয়াত এতিয়া আসন্ন মৃত্যুৰ উলংগ নৃত্য । তুৰস্কত-ছিৰিয়াত ইতিমধ্যে ভূমিকম্পত মৃতকৰ সংখ্যা‍ই স্পৰ্শ কৰিছে ৪০ হেজাৰ । উদ্ধাৰ অভিযানৰ সৈতেই বৃদ্ধি পাই গৈ আছে মৃতকৰ সংখ্যা । এতিয়া উদ্ধাৰ অভিযান যেন কেৱল মৃতদেহ বিচাৰি উলিয়াবলৈ হে ।

কিন্তু ভূমিকম্পৰ সৈতেই বৃদ্ধি পাইছে শীত । যি শীতৰ ফলত এতিয়া উদ্ধাৰ অভিযান হৈ পৰিছে অসম্ভৱ । সময়ৰ বিপৰীতে এক দৌৰ এই অভিযান ।

বৰ্তমান ভূমিকম্পৰ ফলত বাসগৃহ হেৰুওৱা দুৰ্ভগীয়া সকলক আশ্ৰয়ৰ বাবে ৰখা হৈছে নিকটৱৰ্তী ৰাজহুৱা স্থান যেনে মছজিদ, বিদ্যালয় আদিত ।কিন্তু নিশা হ'লেই নামি অহা প্ৰচণ্ড শীতক ৰোধ কৰিবলৈ এতিয়া একোৱেই নাই এওঁলোকৰ ওচৰত । যাৰ বাবে ভূমিকম্পত মৃত্যুবৰণ নকৰিলেও শীতত মৃত্যুবৰণ কৰাটো নিৰ্ধাৰিত হৈ পৰিছে লোকসকলৰ ।

ইয়াৰ ওপৰিও এতিয়াও বহু অঞ্চলত ওখ ওখ অট্টালিকাত এতিয়াও আছে বহু বাসিন্দা । এই সকল লোকক চৰকাৰে সুৰক্ষিত হৈ থাকিবলৈ বাসগৃহ ত্যাগ কৰিবলৈ আহ্বান জনাইছে যদিও এনে হাড় কপোৱা শীতত ক'ত যাব এই সকল লোক ? এক ঠিকনা বিহীন অনিশ্চয়তাত আৱদ্ধ এতিয়া সহস্ৰাধিক জীৱন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in