টঙনাগাঁও চাহ বাগিচাৰ ফেক্টৰিত হাত কটা গ'ল শ্রমিকৰ

টঙনাগাঁও চাহ বাগিচাৰ ফেক্টৰিত হাত কটা গ'ল শ্রমিকৰ
টঙনাগাঁও চাহ বাগিচাৰ ফেক্টৰিত হাত কটা গ'ল শ্রমিকৰ

ডিজিটেল সংবাদ, তিনিচুকীয়া:- বাগিচা কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ হেতু পুনৰ ৰাজ্যত কটা গ'ল এক শ্রমিকৰ হাত । এইবাৰ ঘটনাৰ স্থান টঙনাগাঁও চাহ বাগিচা । তিনিচুকীয়া জিলাৰ কাকপথাৰ এলেকাৰ টঙনা থানাৰ অন্তৰ্গত তিনিচুকীয়াৰ পুঁজিপতি বণিয়া অশোক লোহিয়া মালিকানাধীন এই টঙনাগাঁও চাহ বাগিচাৰ ফেক্টৰিত শনিবাৰে দিনৰ ভাগত এজন শ্রমিকৰ হাত কটা যায় ।

শ্রমিকজন বাগিচাখনৰ ১২ নং লাইনৰ মিঠুন তাঁতী (৩৪) বুলি জানিব পৰা গৈছে । এক সূত্ৰই সদৰি কৰা অনুসৰি কালি দিনৰ প্ৰায় ১২ বজাত বাগিচাখনৰ শ্রমিক মিঠুন তাঁতীয়ে এটা বন্ধ মেচিন চাফা কৰি থাকোতে মেচিন অপাৰেটৰে মিঠুনৰ স্থিতি সম্পৰ্কে জ্ঞাত নহৈ বন্ধ মেচিনৰ চুইচ অন কৰি দিয়াত মেচিনত সোমাই মিঠুনৰ সোঁ হাতখন কটা যায় ।

বাগিচা কৰ্তৃপক্ষই বিষয়টো গোপনে ৰাখি ততাতোয়াকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মিঠুনক ডিব্ৰুগড়ৰ অপেক্ষা নামৰ ব্যক্তিগত চিকিৎসালয়খনত ভৰ্তি কৰোৱায় । কালি নিশাৰ ভাগত কৰা অপাৰেচনৰ অন্তত মিঠুনৰ মুখলৈ মাত উভতি আহিছে যদিও দীৰ্ঘকালীন চিকিৎসাৰ প্ৰয়োজন হ'ব দুটা সন্তানৰ পিতৃ মিঠুনক ।

ইফালে এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ অন্তৰালত প্ৰকৃততে কোন জগৰীয়া সেয়া বাগিচা কৰ্তৃপক্ষই গাপ দিবলৈ চেষ্টা চলাইছে যদিও ইয়াৰ বাবে ফেক্টৰি এচিচটেন্ট আৰু বাগিচা পৰিচালক জগৰীয়া বুলি দাবী উত্থাপিত হৈছে । কিয়নো এটা বন্ধ হৈ থকা মেচিন সক্ৰিয় কৰিবলৈ এই দুই দায়িত্বশীল বিষয়াই মেচিন অপাৰেটৰক নিৰ্দেশ দিব লাগিব । তদুপৰি কোনো শ্রমিকক মেচিন চাফা কৰিবলৈ ইয়াৰে ফেক্টৰি এচিচটেন্টে নিৰ্দেশ দিব লাগিব ।

পিচে এই সমুদায় বিষয়সমূহ বাগিচা কৰ্তৃপক্ষই গাপ দিবলৈ চেষ্টা চলাইছে । আনকি ইমান এটা ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ পিচতো বাগিচা কৰ্তৃপক্ষই বিষয়টো স্থানীয় টঙনা আৰক্ষীক লিখিতভাৱে অৱগত কৰা নাই । যিটো এক অপৰাধ হিচাপে বিবেচিত হৈছে । বাগিচা তথা ফেক্টৰি কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ বাবেই ইতিমধ্যে ৰাজ্যত এইধৰণৰ কেইবাটাও ঘটনা সংঘটিত হৈছে যদিও ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিয়েই সকলো থাপি-থুপি থোৱা হৈছে । টঙনাগাঁও চাহ বাগিচা কৰ্তৃপক্ষৰ ক্ষেত্ৰত কি ব্যৱস্থা হয় সেয়া সময়েহে ক'ব ।

টঙনাগাঁও চাহ বাগিচাৰ ফেক্টৰিত হাত কটা গ'ল শ্রমিকৰ
চিৰাঙত খোৱাপানী আচঁনি নিৰ্মাণত নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in