আজি বিশ্ব বন্যপ্ৰাণী দিৱস, সমগ্ৰ বিশ্বই কৰিব পালন...

আজি বিশ্ব বন্যপ্ৰাণী দিৱস ৷ ১৯৭৩ চনৰ পৰা প্ৰতি বছৰে ৩ মাৰ্চ দিনটো পালন কৰি অহা হৈছে বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে ৷
আজি বিশ্ব বন্যপ্ৰাণী দিৱস, সমগ্ৰ বিশ্বই কৰিব পালন...

ডিজিটেল সংবাদ, কাজিৰঙা: আজি বিশ্ব বন্যপ্ৰাণী দিৱস ৷ ১৯৭৩ চনৰ পৰা প্ৰতি বছৰে ৩ মাৰ্চ দিনটো পালন কৰি অহা হৈছে বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে ৷

১৯৭৩ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত অনুষ্ঠিত Convention on International Trade in Endangered Species of World Fauna and Flora চমুকৈ CITES শীৰ্ষক সন্মিলনৰ চুক্তি মৰ্মে ৩ মাৰ্চ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাবে পালন কৰি অহা হৈছে ৷ ১৯৭৩ চনৰ ৩ মাৰ্চ দিনটো CITES ৰ জন্মদিন হিচাপে পালন কৰি অহা বিশ্ব বন্যপ্ৰাণী দিৱসে ভৰি দিলেহি ৫০ বছৰত ৷

চলিত বৰ্ষত ৫০ বছৰত ভৰি দিয়া বিশ্ব বন্যপ্ৰাণী দিৱসৰ থিমঃ Partnership for Wildlife Conservation(বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অংশীদাৰীত্ব)। আনহাতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বই সামূহিক প্ৰচেষ্টা লোৱাৰ সময়ত কাজিৰঙাই বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বদৰবাৰত এক নিদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হৈছে ৷ যাৰ বাবে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ মান চিত্ৰত কাজিৰঙাই দখল কৰিছে বিশেষ স্থান।

আজি বিশ্ব বন্যপ্ৰাণী দিৱস, সমগ্ৰ বিশ্বই কৰিব পালন...
ক'হিমাত চৰকাৰ গঠনৰ সন্দৰ্ভত এনডিপিপি বিধানয়ী দলৰ গুৰুত্বপূৰ্ণ বৈঠক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in