প্ৰেম বিবাহৰ ভয়ংকৰ পৰিণতিঃ পত্নী হত্যাৰ অভিযোগত আটক চাফাদাৰ হাচমি

স্বামী আৰু স্বামীৰ পৰিয়ালৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি মৃত্যুক সাৱতি ল'লে এগৰাকী নৱ-বিবাহিতাই।

author-image
Asomiya Pratidin
New Update
প্ৰেম বিবাহৰ ভয়ংকৰ পৰিণতিঃ পত্নী হত্যাৰ অভিযোগত আটক চাফাদাৰ হাচমি

ডিজিটেল সংবাদ,দুমুনিচকীঃ স্বামী আৰু স্বামীৰ পৰিয়ালৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি মৃত্যুক সাৱতি ল'লে এগৰাকী নৱ-বিবাহিতাই। নিজৰ জন্মদিন উপলক্ষ্যে নিজ পিতৃ মাতৃক নিমন্ত্ৰণ কৰিছিল, কিন্তু জন্মদিন পালন কৰা নহ'ল নৱ-বিবাহিতা মহিলাগৰাকীৰ।

Advertisment

নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত ঘোগা নিবাসী চাফাদাৰ হাচমি শইকীয়াৰ সৈতে প্ৰথমে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত চকৰমুখ গাঁৱৰ মায়াজ্যা বেগমৰ। পিছলৈ বিগত বৰ্ষৰ ডিচেম্বৰ মাহত দুয়োৰে ধৰ্মীয় ৰীতি-নীতি অনুসৰি সামাজিক ভাৱে বিবাহ সম্পন্ন হয়।

প্ৰথম অৱস্থাত তেওঁলোকৰ সংসাৰ সুখৰ আছিল যদিও বিবাহৰ প্ৰায় দুই মাহৰ পিছৰ পৰাই সামান্য কথাৰ অজুহাতত মহিলাগৰাকীৰ ওপৰত ড্ৰাগছ আসক্ত স্বামী চাফদাৰে নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে। ইমানেই নহয়, স্বামীৰ পৰিয়ালৰ লোকেও অত্যাচাৰ চলাই মহিলাগৰাকীৰ ওপৰত।

পাছলৈ কৰ্মসূত্ৰে দুই পতি-পত্নী গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ ৪ নং বাইলেনত ভাড়াঘৰত থাকিব লৈছিল। জন্মদিন উপলক্ষ্যে মায়েজ্যা বেগমে যোৱা ১৮ ছেপ্টেম্বৰত চুটি লয় আৰু নিজৰ মাক দেউতাকক পুৱা ৮ বজাত ফোন যোগে ভাড়া ঘৰলৈ নিমন্ত্ৰণ জনায়।

কিন্তু দুপৰীয়া প্ৰায় ১২ বজাত আশ্চৰ্য্যজনক ভাবে স্বামী চাফদাৰ হাচমিয়ে মায়াজ্যায় চিপ লৈ আত্মহত্যা কৰা বুলি পৰিয়ালৰক অৱগত কৰে। খবৰ শুনি হতভম্ব হৈ পৰা পিতৃ পৰিয়ালৰ লোক দক্ষিণ শৰণীয়াৰ ভাড়া ঘৰলৈ ঢাপলি মেলে যদিও ভাড়াঘৰ নৌপাওতেই চাফদাৰ হাচমিয়ে মৃতদেহ নিজেই ওলমি থকাৰ পৰা নমাই ঘৰৰ মজিয়াত পেলায় থয়। পৰৱৰ্তী সময়ত এই কথা পল্টন বজাৰ আৰক্ষীক পিতৃ পৰিয়ালে অবগত কৰে।

পিতৃ পৰিয়ালে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰি পল্টন বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। পল্টন বজাৰ আৰক্ষীয়ে মৃত ময়াজ্যাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত কালি (বুধবাৰে) পিতৃ গৃহত মায়াজ্যাৰ জানাজা সম্পন্ন কৰা হয়।পল্টন বজাৰ আৰক্ষীয়ে চাফদাৰ হাচমিক আটক কৰা বুলি জানিব পৰা গৈছে।

Also Read: কানাডাৰ বাসগৃহত প্ৰৱেশ কৰি ৯ বাৰকৈ গুলীয়ালে খালিস্তানী নেতাৰ মূৰত; কোনে কৰিলে হত্যা...

assampolice