পত্নীক দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা স্বামীৰ

পত্নীক দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা স্বামীৰ

ডিজিটেল ডেস্কঃ শহুৰেকৰ ঘৰত নিজ পত্নীক দাৰে আক্ৰমণৰ চেষ্টা চলালে এগৰাকী স্বামীয়ে । এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ ধলাই আৰজানপুৰত । জানিব পৰা মতে, যোৱা দেড় বছৰ পূৰ্বে ধলাই আৰাধনপুৰৰ চকাজ আলমৰ সৈতে বিবাহ হৈছিল ধলাই আৰজানপুৰ গাঁৱৰ ফৰিদা বেগমৰ । কিন্তু বিবাহৰ পিছৰে পৰা ফৰিদা বেগমক স্বামী চকাজ আলমে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল ।

স্বামীৰ নিৰ্যাতনৰ বাবে কেইদিনমানৰ পূৰ্বে ফৰিদা বেগমক পিতৃ পৰিয়ালৰ লোকে স্বামী গৃহৰ পৰা লৈ যায় । কিন্তু যোৱা দুদিন পূৰ্বে হঠাৎ শহুৰেকৰ ঘৰত আহি উপস্থিত হয় চকাজ আলম আৰু পত্নী ফৰিদা বেগমক জোৰজৱৰদস্তি লগত লৈ যোৱাৰ চেষ্টা কৰে স্বামী চকাজ আলমে । পত্নী ফৰিদা বেগমে তেওঁৰ লগত যোৱাত আপত্তি কৰাত নিজৰ লগত থকা বেগৰ পৰা দা ওলাই পত্নী ফৰিদাক উপৰযোপুৰি আক্ৰমণ আৰম্ভ কৰে স্বামী চকাজ আলমে ।

ইপিনে ঘটনা সংঘটিত কৰি স্বামী চকাজ আলম পলাই যোৱাৰ চেষ্টা কৰাত স্থানীয় একাংশ লোকে তেওঁক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে । ঘটনা সন্দৰ্ভত ফৰিদা বেগমৰ পিতৃয়ে ধলাই আৰক্ষী চকীত স্বামী চকাজ আলমৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি কঠোৰ শাস্তিৰ দাবী কৰিছে ।

পত্নীক দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা স্বামীৰ
বিশ্বনাথত অগ্নিদগ্ধ হৈ মৃত্যু বৃদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in