ভয়ংকৰ কূটাঘাতৰ লক্ষ্য! ধুবুৰীত গ্ৰেপ্তাৰ দুই ISISৰ নেতা...

ভয়ংকৰ কূটাঘাতৰ লক্ষ্য! ধুবুৰীত গ্ৰেপ্তাৰ দুই ISISৰ নেতা...

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ প্ৰাৰ্কমূৰ্হুতত অসম আৰক্ষীৰ ডাঙৰ সাফল্য। ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ হৈছে দুই শীৰ্ষ আই এছ আই এছ ৰ নেতা। নিৰ্বাচনৰ প্ৰাৰ্কমূৰ্হুতত কূটাঘাতমূলক কাৰ্য-কলাপ সংঘটিত কৰাৰ পৰিকল্পনাৰে এই দুই ISISৰ নেতা অসমত প্ৰৱেশ কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, এছ টি এফৰ অভিযানত জালত পৰিছে এই দুই দুৰ্ধৰ্ষ নেতা। গ্ৰেপ্তাৰ হোৱা নেতা দুজন ক্ৰমে হৰিষ ফাৰুকী আৰু অনুৰাগ সিং বুলি চিনাক্ত কৰা হৈছে। ভাৰতত ভয়ংকৰ কূটাঘাটৰ পৰিকল্পনাৰে এই দুগৰাকী আই এছ আই এছৰ নেতা ভাৰতত প্ৰৱেশ কৰা বুলি চোৰাংচোৱাই তথ্য লাভ কৰিছিল।

ইতিমধ্যে অসম আৰক্ষীয়ে দুয়োগৰাকী সোধ-পোচ অব্যাহত ৰাখিছে।

ভয়ংকৰ কূটাঘাতৰ লক্ষ্য! ধুবুৰীত গ্ৰেপ্তাৰ দুই ISISৰ নেতা...
নগাঁৱৰ ৮০শতাংশ ভোট মই পামঃ আমিনুল ইছলামৰ দাবী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in