চতিয়া সমষ্টিত সহস্ৰাধিক শ্ৰোতাৰ মাজত 'মন কি বাত'ৰ শততম খণ্ড

প্ৰতিটো গাঁও পঞ্চায়ত এলেকাৰ সহস্ৰাধিক পুৰুষ মহিলা আৰু যুৱক যুৱতীয়ে ৰেডিঅ'ৰ জৰিয়তে একান্ত মনে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০০ খণ্ডৰ 'মন কি বাত' শুনে
চতিয়া সমষ্টিত সহস্ৰাধিক শ্ৰোতাৰ মাজত  'মন কি বাত'ৰ শততম খণ্ড

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শততম খণ্ডৰ 'মন কি বাত' অনুষ্ঠান অনুষ্ঠিত হৈছে। ভিন্ন প্ৰান্তৰ লগতে চতিয়া সমষ্টিৰ অন্তৰ্গত নদুৱাৰ মণ্ডল বি জে পিৰ অধীনৰ ১০খনকৈ গাঁও পঞ্চায়ত এলেকাত বি জে পিৰ নেতা কৰ্মীসকলে অনুষ্ঠিত কৰে 'মন কি বাত' অনুষ্ঠান ৷

ইয়াৰ ভিতৰত উত্তৰ ছিলাবন্ধা ,উত্তৰ মূঢ়াদল,পূৱ মূঢ়াদল,উত্তৰ বৰভগীয়া আৰু পূঁৱ বৰভগীয়া আদি অঞ্চলত 'মন কি বাত' শততম খণ্ড পালন কৰে ৷ উত্তৰ ছিলাবন্ধা গাঁও পঞ্চায়তৰ সমূহিক ভৱনত বিজেপি নেতা কৰ্মীসকলে আয়োজন কৰা 'মন কি বাত' অনুষ্ঠান বন্তি প্ৰজ্জ্বলনেৰে শুভ উদ্ধোধন কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ঘনকান্ত নাথে ৷

জানিবলৈ দিয়া মতে অনুষ্ঠানসমূহত পঞ্চায়ত প্ৰতিনিধিসকলৰ লগতে বিজেপি নেতা কৰ্মী আৰু প্ৰতিটো গাঁও পঞ্চায়ত এলেকাৰ সহস্ৰাধিক পুৰুষ মহিলা আৰু যুৱক যুৱতীয়ে ৰেডিঅ'ৰ জৰিয়তে একান্ত মনে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০০ খণ্ডৰ 'মন কি বাত' শুনে।

প্ৰধানমন্ত্ৰীৰ 'মন কি বাত'ৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত বহল ব্যাখ্যা দাঙি ধৰে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী লাহৰি বৰা হাজৰিকা , অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ঘনকান্ত নাথ , মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল আৰু উত্তৰ মূঢ়াদল গাঁওপঞ্চায়তৰ সভাপতি দিপক নেৱাৰে ৷

চতিয়া সমষ্টিত সহস্ৰাধিক শ্ৰোতাৰ মাজত  'মন কি বাত'ৰ শততম খণ্ড
শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in