/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/9c8c0df5-6af0-4bf3-a4a2-04cc91650430/majuli.jpg)
সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান
ডিজিটেল সংবাদ, মাজুলীঃ উজনি অসমৰ মাজুলীৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল পঞ্চাশ বছৰীয়া পৰিক্ৰমাৰ উপলক্ষে দেওবাৰৰ পৰা আৰম্ভ হৈছে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ প্ৰথমটো দিনৰ কাৰ্যসূচী ।
সোণালী জয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা পতাকা উত্তোলন কাৰ্যসূচীত মাজুলী বিভিন্ন অঞ্চলৰ শিক্ষাবিদ, সমাজ সংগঠক, বিশিষ্ট নাগৰিক, সাহিত্যিক, অসৱৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী আদিয়ে অংশগ্ৰহণ কৰি পঞ্চাশটা পতাকা উত্তোলনৰ এক গৌৰৱময় ইতিহাসৰ সাক্ষী হৈ পৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/6951e9b8-abe5-4586-b32d-bac5e71e45a7/874ec1a9_dfa3_4d1a_bba7_37fc236ef758.jpg)
এই কাৰ্যসূচীত মুখ্য উত্তোলক হিচাপে সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি নৰেন্দ্ৰ শৰ্মাই অংশগ্ৰহণ কৰাৰ লগতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অসীম হাজৰিকাই । কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ, স্মৃতি তৰ্পণ কৰা হয়।
স্মৃতি তৰ্পণ কৰে শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ চন্দ্ৰ বৰাই । গছ পুলি ৰোপণ কৰে ফুলনি এম ই স্কূলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰফুল্ল বৰাই । দিনৰ এঘাৰ বজাত আৰম্ভ হয় প্ৰাক্তন ছাত্ৰ সমাৰোহ আৰু আলোচনা চক্ৰ অনুষ্ঠানত "নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০" শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয় ।
ফুলনি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গুণকান্ত বৰাই সঞ্চালনা কৰা আলোচনা চক্ৰ অনুষ্ঠানত উদ্বোধন কৰে সদৌ অসম ছাত্র সন্থা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই ।
অনুষ্ঠানত মুখ্য আলোচক হিচাপে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনাৰ অধ্যক্ষ ড' প্ৰদীপ বৰা, সৰ্বশিক্ষা মাজুলীৰ বসন্ত বৰা, মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক ড' প্ৰফুল্ল বৰাই অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c427aac6-145a-4007-9107-ad417071197c/091aaeb1_2751_42a5_be9b_f25e0cd0cc56.jpg)
Also Read: ৰাজভৱনত প্ৰদৰ্শিত হ’ল প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ শততম খণ্ড...