ৰঙিয়াত শতাধিক মহিলাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও...

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত শতাধিক মহিলাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও...

ৰঙিয়াত শতাধিক মহিলাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও...

ডিজিটেল সংবাদ, ৰঙিয়া: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰঙিয়াৰ হৰিয়ানডাবৰ মহিলাসকলে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে দিনৰ ১২ বজাত ৰঙিয়াৰ বিদ্যুৎ বিভাগৰ ২ নং উপ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰে।

Advertisment

উল্লেখ্য যে ৰাজ্যৰ চৌদিশে বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰক লৈ অসন্তুষ্টি চলি থকাৰ মাজতে ৰঙিয়াত বিভাগটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ঘেৰাও কৰিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়। প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰী শতাধিক মহিলাই চৰকাৰ বিৰোধী শ্লোগানেৰে ৰঙিয়া বৈদ্যুতিক উপ সংমণ্ডল-২ ৰ প্ৰৱন্ধকৰ কাৰ্যালয় উত্তাল কৰি তোলা পৰিলক্ষিত হয়।‌

পিছত কাৰ্যালয়ৰ বিদ্যুৎ বিভাগৰ বিষয়াগৰাকী উপস্থিত হৈ অভিযোগ গ্ৰহণ কৰি শীঘ্ৰে সিদ্ধান্ত লোৱাৰ ব্যৱস্থা ল'ব বুলি আশ্বাস দিয়ে।

Also Read: কাজিৰঙাত বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দঃ ডিমাপুৰৰ পৰা উত্তৰ প্ৰদেশলৈ নিয়াৰ চেষ্টা...

স্মাৰ্ট মিটাৰ ৰঙিয়া