/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/an3254tl/kaziranga-25.jpg)
কাজিৰঙাত বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দঃ ডিমাপুৰৰ পৰা উত্তৰ প্ৰদেশলৈ নিয়াৰ চেষ্টা...
ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙাৰ বাগৰিত চোৰাং বাৰ্মিজ চুপাৰি ভৰ্তি এখন ট্ৰাক জব্দ কৰা হৈছে। নিশা বাগৰি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই জব্দ কৰে UP 82AT 9208 নম্বৰৰ এখন ১৬ চকীয়া ট্ৰাক।
ট্ৰাকখনত আছে ৩৫০ বেগ বাৰ্মিজ চুপাৰি। ডিমাপুৰৰ পৰা মধ্য প্ৰদেশ লৈ নি থকা হৈছিল বাৰ্মিজ চুপাৰিখিনি। আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালক প্ৰেম কিশোৰ সিং আৰু পৰিচালক লাল সিঙক। তেওঁলোক দুয়োৰে ঘৰ উত্তৰ প্ৰদেশৰ।
কিন্তু এই বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাকখন কেইবাখনো আৰক্ষী থানা অতিক্ৰম কৰি কিদৰে ডিমাপুৰৰ পৰা কাজিৰঙা পালেহি তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। অৱশ্যে বাগৰি আৰক্ষীয়ে এই ট্ৰাকখন জব্দ কৰাৰ বাবে কাজিৰঙাৰ বিভিন্ন সংগঠনে তেওঁলোকক ধন্যবাদ জনাইছে।