মোৰাঝাৰত মাৰণাস্ত্ৰসহ আটক এজন

মোৰাঝাৰত পিষ্টলসহ আটক এজন

author-image
Asomiya Pratidin
New Update
মোৰাঝাৰত মাৰণাস্ত্ৰসহ আটক এজন

ডিজিটেল সংবাদ, মোৰাঝাৰ : হোজাই জিলাৰ মোৰাঝাৰ থানা এলেকাৰ দীঘলজাৰ বজাৰত ৰবিবাৰে নিশা পিষ্টলসহ এজন লোকক আটক কৰে আৰক্ষীয়ে। মোৰাঝাৰ থানাৰ পৰিদৰ্শক নিখিল চন্দ্ৰ ৰায়ৰ নেতৃত্বত আৰক্ষীৰ দলে গোপন খবৰৰ ভিত্তিত মোৰাঝাৰৰ দীঘলজাৰত অভিযান চলাই কবীৰ আহমেদ(৩৩) নামৰ এজন যুৱকক আটক কৰে।

Advertisment

ইয়াৰোপৰি যুৱকজনৰ পৰা লগতে ৯ এম এম পিষ্টল, ৩ জাঁই সক্ৰিয় গুলীসহ এটা মেগজিন জব্দ কৰে। মোৰাঝাৰ আৰক্ষীয়ে যুৱক জনক গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে।

Also Read: বটদ্ৰৱা বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ প্রতিবাদী কাৰ্যসূচী...

nagaon police hojai Assam police