/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d40cc7c8-0548-43cf-b8e8-abb79bc5c932/bihu_work.jpg)
বিহুৰ কৰ্মশালা
ডিজিটেল সংবাদ,গহপুৰঃ পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু। বিভিন্ন প্ৰান্তৰ লগতে ব্যস্ততাৰ অন্ত নাই গাহপুৰবাসীৰো।
গহপুৰৰ ঐতিহাসিক ধন্দি দৌলত ধুমুহা বিহুদলৰ তত্বাৱধানত চলিছে বিহুৰ কৰ্মশালা। আহিছে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। ঢুলীয়াৰ ঢোলৰ চেৱত ককাল ঘূৰাই নাচিছে ৰাংঢালি নাচনীয়ে।
ঐতিহাসিক ধন্দি দৌলৰ বিহু কৰ্মশালাত অংশ লৈছে শতাধিক নাচনী ঢুলীয়াই। ঢোল, পেঁপাৰ মাতত ৰজনজনাইছে গহপুৰৰ চৌদিশ। লগতে গহপুৰৰ বালিজান বিলতীয়াত জোনাকী নাট্য গোষ্ঠীৰ উদ্যােগতো বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত অংশ লৈছে কণ-কণ ঢুলীয়া-নাচনীয়ে।
Also Read: প্রাগজ্যোতিষপুৰ আৰক্ষীৰ সফলতা : গাঞ্জাসহ গ্রেপ্তাৰ এজন