ডিজিটেল সংবাদ, ঢকুৱাখনা: পিতৃত্বৰ পবিত্ৰ সম্বন্ধৰ লগতে মানৱ সমাজক লজ্জিত কৰা এক ঘটনা। এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বালিয়নী গাঁওত। গাঁওখনৰ এজন অসৎ প্ৰকৃতিৰ অৰ্থলোভী ব্যক্তিয়ে নিজ নাবালক পুত্ৰক চুবুৰীয়া ৰাজ্য অৰুণাচলত বিক্ৰীৰ অভিযোগ উত্থাপন হৈছে। ব্যক্তিজনৰ নাম দ্বীপজ্যোতি গগৈ।
ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বালিয়নী গাঁওৰ এইজন অবিবেচকী ব্যক্তিয়ে নিজৰেই নাবালক পুত্ৰ মহিম গগৈক প্ৰায় ৩০ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰাৰ অভিযোগ লাভ কৰি গাঁওৰক্ষী বাহিনীযে ব্যক্তিজনৰ ওপৰত দীৰ্ঘদিন ধৰি তীক্ষ্ণ নজৰ ৰাখিছিল ।
সোমবাৰে সন্ধিয়া অৰুণাচলৰ পৰা স্বগৃহলৈ উভতি আহি পত্নীকো মঙলবাৰে পুৱা কৌশলেৰে অৰুণাচললৈ নিয়াৰ চক্ৰান্ত ৰচিছিল। এই সন্দৰ্ভত খবৰ লাভ কৰি গাঁওৰক্ষী বাহিনীযে স্থানীয় ৰাইজৰ সহযোগত মঙলবাৰে পুৱা ব্যক্তিজনক আটক কৰে। পৰৱৰ্তী সময়ত ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে ব্যক্তিজনক আঁঠু কঢ়াই গাঁওৰক্ষী বাহিনীৰ সভাপতি উমাকান্ত বৰুৱাই উত্তম মাধ্যম সোধাই ঘিলামৰা আৰক্ষীক গতাই দিয়ে ।
ঘিলামৰা আৰক্ষীয়ে ধৃত দম্পত্তিক বালিয়নী গাঁওৰ পৰা উদ্ধাৰ কৰি এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে পূৰ্বেও এইজন অৰ্থলোভী ব্যক্তিৰ বিৰুদ্ধে চুবুৰীয়া ৰাজ্যখনলৈ মানৱ সম্পদ সৰবৰাহ কৰাৰ বহু কেইটা অভিযোগ উত্থাপিত হৈ আহিছে । আৰক্ষীৰ তদন্ত কালত প্ৰকৃত ৰহস্য উদঘাটন হ'ব ।