/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/481bbfba-1f36-4738-94c2-bd2da2c4d0de/6.jpg)
ডিজিটেল ডেস্কঃ বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ২৫ সংখ্যক আই চি চি এদিনীয়া বিশ্বকাপ ২০২৩ৰ খেলত বৃহস্পতিবাৰে খেলপথাৰত মুখামুখি হ'ব ইংলেণ্ড আৰু শ্ৰীলংকা। আজি দিনৰ ২ বজাৰ পৰা আৰম্ভ হ'ব মেচখন।
বৃহস্পতিবাৰৰ মেচখন আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৩ত দুয়োটা দলৰ বাবেই পঞ্চমখন মেচ হ’ব৷ বিশ্বকাপ ২০২৩ৰ পইন্ট তালিকাত ২ পইন্টেৰে ইংলেণ্ডে ৮ম স্থানত থকাৰ বিপৰীতে ২ পইণ্টেৰেই শ্রীলংকাই টেবুলৰ ৭ম স্থানত আছে৷
আহমেদাবাদত ৫ অক্টোবৰত নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়াম অনুষ্ঠিত হোৱা আই চি চি এদিনীয়া বিশ্বকাপ ২০২৩ প্ৰখমখন মেচত ইংলেণ্ডক নিউজিলেণ্ডে ৯ উইকেটত পৰাস্ত কৰিছিল। ১০ অক্টোবৰত ধৰ্মশালা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত ইংলেণ্ডে বাংলাদেশক ১৩৭ ৰানত পৰাস্ত কৰাৰ বিপৰীতে তৃতীয় আৰু চতুৰ্থখন মেচত ইংলেণ্ডে আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ হাতত ক্ৰমে ৬৯ ৰান আৰু ২২৯ ৰানত পৰাস্ত হয়। আনহাতে শ্ৰীলংকাইয়ো এই পৰ্যন্ত এই টুৰ্ণামেন্টটোত মাত্ৰ এখন মেচত জয়ী হোৱাৰ বিপৰীতে বাকী ৩খন মেচতে পৰাস্ত হৈছে।
ইংলেণ্ড বনাম শ্ৰীলংকাৰ মেচ: বতৰৰ বতৰা
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বেংগালুৰুৰ বতৰ আজি ফৰকাল থাকিব। এক্কো ওৱেডাৰৰ তথ্য অনুসৰি বেংগালুৰুত আজি দিনৰ ভাগত ১% আৰু ৰাতিৰ ভাগত ৪% বৰষুণৰ সম্ভাৱনা আছে। অহা ২৪ ঘন্টাত মহানগৰীত ধুমুহাৰ সম্ভাৱনা শূন্য।
তাপমাত্ৰা ৩১ ডিগ্ৰীৰ পৰা ১৯ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হ’ব আৰু দিনৰ ভাগত উত্তৰ-উত্তৰ-পূব দিশত প্ৰায় ১১ কিলোমিটাৰ বেগেৰে বতাহ বলিব আৰু পূব-উত্তৰ-পূব দিশত ঘণ্টাত ৯ কিলোমিটাৰ বেগেৰে বতাহ বলিব বুলি জানিব পৰা গৈছে। দিনত ২৪ কিলোমিটাৰ আৰু নিশা ১৯ কিলোমিটাৰ বেগেৰে বতাহৰ ধুমুহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ডাৱৰৰ আৱৰণৰ সম্ভাৱনা দিনৰ ভাগত ২% আৰু ৰাতি ১০%।
Also Read: ২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব অযোধ্যাৰ ৰাম মন্দিৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us