হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তৃতীয় লিংগৰ পৰীক্ষাৰ্থীৰ সাফল্য

হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৮৫১৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংছন লাভ কৰিছে।

author-image
Asomiya Pratidin
New Update
উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত শীৰ্ষত অবিনাশ কলিতা

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৮৫১৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংছন লাভ কৰিছে। এইসকল ছাত্ৰ-ছাত্ৰীয়ে মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫১০ বা তাতোধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Advertisment

আনহাতে ষ্টাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এইবাৰ ১৮৬৫৩ গৰাকী। ষ্টাৰ মাৰ্ক লাভ কৰা সকলে ৪৫০ বা তাতকৈ বেছি নম্বৰ আৰু ৫১০ তকৈ কম নম্বৰ লাভ কৰিছে।

লক্ষণীয় যে, ছেবাই প্ৰকাশ কৰা তথ্য অনুসৰি মুঠ ২৭১৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয় ডিষ্টিংছন বা ষ্টাৰ মাৰ্ক লাভ কৰি উত্তীৰ্ণ হৈছে। তাৰ ভিতৰত এগৰাকী তৃতীয় লিংগই ষ্টাৰ মাৰ্ক লাভ কৰা তথ্যও ছেবাই প্ৰকাশ কৰা তালিকাত উল্লেখ কৰিছে।

Also Read: সমাজ বিজ্ঞানত সৰ্বাধিত ৪৩ হাজাৰ ৬৯ গৰাকীয়ে পালে লেটাৰ মাৰ্ক

result hslc exam