
ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বাধিক সমাজ বিজ্ঞান বিভাগত ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ মাৰ্ক লাভ কৰিছে। ২২ মে'ত ঘোষণ কৰা পৰীক্ষাৰ ফলাফলত সমাজবিজ্ঞান বিষয়ত ৪৩০৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৮০ৰো ওপৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
তাৰ পাছতে ইংৰাজী বিষয়ত ৪২২৮২ গৰাকীয়ে, সাধাৰণ বিজ্ঞানত ১৮৮৩৪ , সাধাৰণ গণিতত ১৬,৫৩১ গৰাকীয়ে লেটাৰ মাৰ্ক লাভ কৰিছে। ঐচ্ছিক গণিতত লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৭৪৫৯ গৰাকী। অসমীয়াতো ৭১৩৯ গৰাকীয়ে লেটাৰ মাৰ্ক লাভ কৰাৰ বিপৰীতে খাচী, উৰ্দু, মণিপুৰ বিষয়ত মাত্ৰ ১ জনকৈ ছাত্ৰইহে লেটাৰ মাৰ্ক পাইছে।
সৰ্বমুঠ এইবাৰৰ পৰীক্ষাত আটাইকেইটা বিষয় মিলাই ১৭৭৯১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ মাৰ্ক পায় সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।