এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হাৰ ৭৫.৭%, অনুতীৰ্ণ প্ৰায় ১,০১,৭৬১গৰাকী...

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হাৰ ৭৫.৭%, অনুতীৰ্ণ প্ৰায় ১,০১,৭৬১গৰাকী...

ডিজিটেল ডেস্কঃ শনিবাৰে ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। ১০.৩০ বজাত ছেবা কৰ্তৃপক্ষই মুকলি কৰি দিয়া ১০টা ৱেবচাইটত উপলব্ধ আছে ফলাফল। ইতিমধ্যে শীৰ্ষ স্থান দখল কৰা প্ৰথম ৫ জনৰ নাম ঘোষণা কৰিছে ছেবাই।

১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪,১৯,০৭৮ গৰাকী শিক্ষাৰ্থীৰ ৩,১৭,৩১৭গৰাকী উত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা ১,৮৭,৯০৪ গৰাকী, ছাত্ৰীৰ সংখ্যা ২,৩১,১৬৪ গৰাকী আৰু তৃতীয় লিংগৰ আছিল ১০গৰাকী। উত্তীৰ্ণ হোৱা ছাত্ৰ শিক্ষাৰ্থী ৭৭.৩%, ছাত্ৰীৰ ৭৭.৪% আৰু তৃতীয় লিংগৰ ৮০% উত্তীৰ্ণ হৈছে।

এইবাৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ। ডিষ্টিংছন নম্বৰ লাভ কৰিছে ৬,৩৯২ গৰাকীয়ে, ষ্টাৰ মাৰ্ক লাভ কৰিছে ২০,৫৫২ গৰাকীয়ে আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১,০৫,৮৭৩ গৰাকী। ইয়াৰ লগতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৫০,৭৬৪ গৰাকী, তৃতীয় বিভাগত উত্তীৰ্ণ ৬০,৬৮০ গৰাকী, লেটাৰ মাৰ্ক লাভ কৰিছে ১,৯৩,১৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে।

উল্লেখযোগ্য যে এইবছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণৰ সংখ্যা ১,০১,৭৬১। ইয়াৰে ৬৮৮৮গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অনুপস্থিত আছিল।

ৰাজ্যত যোৱা ১০ বছৰৰ উত্তীৰ্ণৰ হাৰ ক্ৰমে ২০১৪ বৰ্ষত উত্তীৰ্ণৰ হাৰ ৬১.৪%, ২০১৫ত আছিল ৬২.২%, ২০১৬ চনত ৬২.৭%, ২০১৭চনত উত্তীৰ্ণৰ হাৰ ৪৭.৯%, ২০১৮ চনত ৫৬.০% উত্তীৰ্ণৰ হাৰ।

ইয়াৰোপৰি ২০১৯ বৰ্ষত উত্তীৰ্ণৰ হাৰ ৬০.২%, ২০২০ চনত ৬৪.৮%, ২০২১ চনত ৯৩.১%, ২০২২ চনত ৫৬.৪%, ২০২৩ চনত ৭২.৬% উত্তীৰ্ণৰ হাৰ, অৱশেষত ২০২৪ বৰ্ষৰ উত্তীৰ্ণৰ হাৰ ৭৫.৭%।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হাৰ ৭৫.৭%, অনুতীৰ্ণ প্ৰায় ১,০১,৭৬১গৰাকী...
৯১.২ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত ছিৰাং, ৬০ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্নত ওদালগুৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in