৯৫.১৭ শতাংশ নম্বৰৰে বৰহোলালৈ গৌৰৱ কঢ়িয়াই আনিছে কস্তুৰী শইকীয়াই

৯৫.১৭ শতাংশ নম্বৰৰে বৰহোলালৈ গৌৰৱ কঢ়িয়াই আনিছে কস্তুৰী শইকীয়াই

author-image
Asomiya Pratidin
New Update
৯৫.১৭ শতাংশ নম্বৰৰে বৰহোলালৈ গৌৰৱ কঢ়িয়াই আনিছে কস্তুৰী শইকীয়াই

ডিজিটেল সংবাদ, তিতাবৰ: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰহোলাৰ লগতে সমগ্ৰ তিতাবৰ সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিছে কস্তুৰী শইকীয়াই। বৰহোলাৰ অন্যতম শিক্ষানুষ্ঠান বি কে একাডেমীৰ পৰা সৰ্বমুঠ ৯৫.১৭ শতাংশ নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে কস্তুৰী শইকীয়াই।

Advertisment

বৰহোলা চিকিৎসালয়ত কৰ্মৰত স্বাস্থ্যকৰ্মী কিনাৰাম শইকীয়া আৰু নিৰদা শইকীয়াৰ জ্যেষ্ঠ কন্যা কস্তুৰী শইকীয়াৰ এই কৃতিত্বই অধ্যয়ন কৰা শিক্ষানুষ্ঠানৰ লগতে বৃহত্তৰ বৰহোলা অঞ্চলৰ ৰাইজক গৌৰাম্বিত আৰু উৎফুল্লিত কৰি তুলিছে। কস্তুৰীয়ে সাধাৰণ বিজ্ঞানত সৰ্বোচ্চ ১০০ নম্বৰ, উচ্চ গণিতত সৰ্বোচ্চ ১০০ নম্বৰ লাভ কৰাৰ লগতে অসমীয়াত ৯৩, ইংৰাজীত ৯৬, সাধাৰণ গণিতত ৮৮, সমাজ বিজ্ঞানত ৯৪ নম্বৰ লাভ কৰিছে।

ভৱিষ্যতে বিজ্ঞান শাখাত অধ্যয়ন কৰি এগৰাকী চিকিৎসক হোৱা লক্ষ্যৰে আগবঢ়া কস্তুৰীয়ে ঘৰতে নিয়মীয়াকৈ দহ ঘণ্টা পৰ্যন্ত পঢ়িছিল বুলি সংবাদিকৰ আগত জানিবলৈ দিয়ে। এই ক্ষেত্ৰত নিজৰ পিতৃ-মাতৃৰ লগতে বি কে একাডেমীৰ কৰ্তৃপক্ষৰ উৎসাহ, প্ৰেৰণা আৰু প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগিতাক অশেষ ধন্যবাদ জনায়। কন্যাৰ সাফল্যত উৎফুল্লিত পিতৃ কিনাৰাম শইকীয়াইয়ো সংবাদ মাধ্যৰ আগত বি কে একাডেমীৰ সঞ্চালক বিবুল হাজৰিকা আৰু সকলো শিক্ষক-শিক্ষয়িত্ৰীক কৃতজ্ঞতা জনাই কয় যে তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কৰা অশেষ কষ্টৰ ফলতে বিদ্যালয়খনে সু-নাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

বিদ্যালয়খনৰ প্ৰশাসনিক দিশটো যথেষ্ট ভাল পাইছোঁ। উন্নমানৰ শিক্ষাই সকলো প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিছে বুলি মন্তব্য কৰে কিনাৰাম শইকীয়াই। কস্তুৰী শইকীয়ালৈ বৰহোলাৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা শুভাকাংক্ষীয়ে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনতো অঞ্চলটোলৈ সু-নাম কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে।

Also Read: কংগ্ৰেছৰ দোকানত কেৱল ভয়, ভোক, আৰু দুৰ্নীতি বিক্ৰী হয়ঃ মোডী