কাইলৈৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’ব ২০২৩ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ নতুন শিক্ষা নীতিৰ আধাৰত অনুষ্ঠিত হ’ব পৰীক্ষা।

author-image
Asomiya Pratidin
New Update
পৰীক্ষা নিদিয়াকৈয়ে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হ’ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰী….

ডিজিটেল ডেস্ক: শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’ব ২০২৩ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ নতুন শিক্ষা নীতিৰ আধাৰত অনুষ্ঠিত হ’ব পৰীক্ষা। নতুন শিক্ষা নীতিৰ আধাৰত বহু কেইটা পৰিৱৰ্তনো অনা পৰিলক্ষিত হয়।

Advertisment

৪টাকৈ মুখ্য বিষয়ত নতুন পৰিৱৰ্তন আনিছে SEBAই। ৪টা বিষয়ত দুখনকৈ হ’ব উত্তৰ বহী। পৰিৱৰ্তন অনা বিষয়কেইটা-গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান।

প্রথমখন হ’ব ৮ পৃষ্ঠাৰ বস্তুনিষ্ঠ প্রশ্নকাকত আৰু দ্বিতীয়খন হ’ব ১৬ পৃষ্ঠাৰ বৰ্ণনাত্মক প্রশ্নকাকত। বাকী বিষয়ত কোনো পৰিৱৰ্তন অনা নাই।

এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ৪ লাখ ২৩ হাজাৰ পৰীক্ষাৰ্থী। ৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’ব পৰীক্ষা। অসমৰ মুঠ ৯১২টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই যদিও পৰীক্ষা শেষ হোৱা দুমাহৰ ভিতৰত ঘোষণা কৰিব ফলাফল।

Also Read: ১২১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ দুই সৰবৰাহকাৰী আটক...

hslc exam