১২১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ দুই সৰবৰাহকাৰী আটক...

বুধবাৰে নিশা বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে এখন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই ১২১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
১২১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ দুই সৰবৰাহকাৰী আটক...

ডিজিটেল সংবাদ,দুমুনিচকী:- বুধবাৰে নিশা বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে এখন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই ১২১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন দুই ড্ৰাগছ ব্যৱসায়ী ক্ৰমে থানা খনৰ অন্তৰ্গত গোগ গাঁৱৰ তৰ্মুজুদ্দিন ওৰফে দাঙৰ আপা আৰু আনজন বাইহাটা চাৰিআলিত ভাৰাতীয়া হিচাপে থকা চুমন দাস বুলি জানিব পৰা গৈছে।

গোপন সুত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত যোৱা নিশা প্ৰায় ৮-৩০ বজাত বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত উক্ত অভিযান চলাই এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয়। স্থানীয় লোকৰ পৰ জানিব পৰা মতে বাইহাটা চাৰিআলি গুৱাহাটী পথত থকা তৰ্মুজুদ্দিন ওৰফে দাঙৰ আপাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত বিভিন্ন সময়ত বহুতো চিনাকি অচিনাকী যুৱকে সন্দেহজনক ভাবে ভিৰ কৰি থকা প্ৰত্যক্ষ কৰি আহিছে।

যোৱা নিশা বাইহাটা চাৰিআলি আৰক্ষীয়ে প্ৰথমে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা ৬৩ টা আৰু পিছত প্ৰতিষ্ঠান খনৰ পিছফালে থকা আন এটা কোঠাত ৫৮ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে।

১২১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ দুই সৰবৰাহকাৰী আটক...
১০ গৰাকী সাংবাদিকলৈ ফেল'শ্বিপ ঘোষণা এন এফ আই আৰু অসম বাণীৰ যুটীয়া সহযোগিতাত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in