ধেমাজিক চেৰ পেলাই উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত চিৰাং...

ধেমাজিক চেৰ পেলাই উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত চিৰাং...

ডিজিটেল ডেস্কঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাভিত্তিত উত্তীৰ্ণৰ হাৰৰ শীৰ্ষ স্থানত এইবাৰ নাই ধেমাজি। ২০২৩ বৰ্ষৰ ফলাফলত ৮৮.৬৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে চিৰাং।

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ গোৱালপাৰাত। জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৫৯.৮০ শতাংশ। ২০২৩ ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰপেটাৰ উত্তীৰ্ণৰ হাৰ ৭৩.২৩ শতাংশ।

বঙাইগাঁৱৰ ৮১.৬৯ শতাংশ, বাক্সাৰ ৮৪.১৯ শতাংশ, কাছাৰ ৬৩.৯৯ শতাংশ, ধুবুৰী ৬৩.৩৫ শতাংশ, দৰং ৭৯.০৮ শতাংশ, ধেমাজি ৭২,৩৩ শতাংশ, ডিব্ৰুগড় ৬৪.৭৮ শতাংশ, গোলাঘাট ৭৮.২৪ শতাংশ, যোৰহাট ৭১.৬৫ শতাংশ, কামৰূপ গ্ৰাম্য ৭৪.৩২ শতাংশ, কাৰ্বি আংলং ৭৫.৪৭ শতাংশ,কোকৰাঝাৰ ৬৬.৪০ শতাংশ, নগাঁও ৭৫.৮৮ শতাংশ, লখিমপুৰ ৭৫.৭৯ শতাংশ, মৰিগাঁও ৭০.৮২ শতাংশ, নলবাৰী ৮৮.০২ শতাংশ,ডিমা হাচাও ৮৮.১২ শতাংশ, শিৱসাগৰ ৮৮.৪০ শতাংশ, শোণিতপুৰ ৬৬.৭৮ শতাংশ, কামৰূপ মেট্ৰ ৭৭.১৮ শতাংশ, মাজুলী ৭৮.৫৯ শতাংশ, বিশ্বনাথ ৬৩.৪৬ শতাংশ।

ধেমাজিক চেৰ পেলাই উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত চিৰাং...
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হাৰত ছাত্ৰীতকৈ আগত ছাত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in