কলা,বিজ্ঞান শাখাত ৰামানুজনৰ সংকল্পজিত , নিখিলেশ শীৰ্ষত, বাণিজ্য শাখাত গুৱাহাটীৰ বৰ্ষা, সংযুক্তাৰ প্ৰথমস্থান

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা আৰু বিজ্ঞান শাখাৰ শীৰ্ষ স্থান দখল কৰিছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ে।

author-image
Asomiya Pratidin
New Update
গছ কটা কাৰ্যক বাধা দিয়া বন বিষয়ালৈ গুলী অৰুণাচলী দুৰ্বৃত্তৰ…

ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা আৰু বিজ্ঞান শাখাৰ শীৰ্ষ স্থান দখল কৰিছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ে। কলা শাখাত সংকল্পজিত শইকীয়াই ৫০০ নম্বৰৰ ভিতৰত ৪৯০ নম্বৰ লাভেৰে শীৰ্ষ স্থান লাভ কৰে। তেওঁৰ নম্বৰৰ শতকাৰ হাৰ ৯৮ শতাংশ।

Advertisment

ইফালে বিজ্ঞান শাখাত নগাঁৱৰ এই শিক্ষা প্ৰতিষ্ঠানৰে নিখিলেখ দত্তই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। বাণিজ্য শাখাত প্ৰথম স্থান লাভ কৰিছে দুগৰাকীয়ে। কেচি দাস কমাৰ্চ কলেজ গুৱাহাটীৰ বৰ্ষা বথ্ৰা আৰু মলয়াবাৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সংযুক্তা কুমাৰে যুটীয়াভাৱে শীৰ্ষস্থান দখল কৰে।তেওঁলোক দুয়োলাভ কৰা মুঠ নম্বৰ ৪৭২।

Also Read: উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান, বাণিজ্য শাখাৰ চূড়ান্ত ফলাফল ঘোষণা

Assam Higher Secondary Education Council result