উত্তীৰ্ণৰ হাৰত কলা শাখাত ধেমাজি, বিজ্ঞান শাখাত বাক্সা, বাণিজ্য শাখাত পশ্চিম কাৰ্বি আংলং জিলা শীৰ্ষত

উত্তীৰ্ণৰ হাৰত কলা শাখাত ধেমাজি, বিজ্ঞান শাখাত বাক্সা, বাণিজ্য শাখাত পশ্চিম কাৰ্বি আংলং জিলা শীৰ্ষত

ডিজিটেল ডেস্কঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰত শীৰ্ষত থকা জিলা হ'ল ধেমাজি। জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৯০.৭৪ শতাংশ। ধেমাজিৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত মুঠ ৭৩৬৫ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৮২৭ গৰাকীয়ে প্ৰথম স্থান, ৩০৬৬ গৰাকীয়ে দ্বিতীয় স্থান আৰু ২৭৯০ গৰাকীয়ে তৃতীয় স্থান লাভ কৰে।

কলা শাখাত সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ কাৰ্বি আংলং জিলা। জিলাখনত উত্তীৰ্ণৰ হাৰ ৫১.৯৩ শতাংশ।

বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰত শীৰ্ষত আছে পশ্চিম কাৰ্বি আংলং জিলা। জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৯৭.১৮ শতাংশ। মুঠ ৭১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ২০ জনে প্ৰথন স্থান, ৩০ জনে দ্বিতীয় স্থান আৰু ১৯ জনে তৃতীয়স্থান লাভ কৰিছে।

বাণিজ্য শাখাত সৰ্বনিম্ন উত্তীৰ্ণৰ বাৰ ডিমা হাচাও জিলাত। ডিমা হাচাওক উত্তীৰ্ণৰ বাৰ ৪৭.৯৫ শতাংশ।

২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত বৰ্ষৰ উত্তীৰ্ণ হাৰৰ শীৰ্ষত বাক্সা জিলা। জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৯৫.৬৯ শতাংশ । মুঠ ৯২৮ গৰাকী প্ৰাৰ্থীয়ে বিজ্ঞান শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৪৯৩ গৰাকীয়ে প্ৰথমস্থান, ৩৪০ গৰাকীয়ে দ্বিতীয় স্থান আৰু ৫৫ গৰাকীয়ে তৃতীয় স্থান লাভ কৰিছে।

বিজ্ঞান শাখাত লক্ষণীয়ভাৱে পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা এইবাৰ এগৰাকী পৰীক্ষাৰ্থীও অৱতীৰ্ণ হোৱা নাছিল পৰীক্ষাত। সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ ডিমা হাচাও জিলাত।জিলা খনৰ উত্তীৰ্ণৰ হাৰ ৫৮.৩৮ শতাংশ।

উত্তীৰ্ণৰ হাৰত কলা শাখাত ধেমাজি, বিজ্ঞান শাখাত বাক্সা, বাণিজ্য শাখাত পশ্চিম কাৰ্বি আংলং জিলা শীৰ্ষত
কেনেকৈ পঢ়াই দিলীপ বৰাই?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in