কেনেকৈ পঢ়াই দিলীপ বৰাই?

কেনেকৈ পঢ়াই দিলীপ বৰাই?

মৃদুল কুমাৰ সন্দিকৈ

ইয়াকে কয় ক্লীন ছুইপ! যদিও এয়া ক্ৰিকেটৰ ভাষা কিন্তু সেই একেই ভাষা উচ্চতৰ মাধ্যমিক ফলাফল ঘোষণা কৰাৰ পাছত এখন শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত হয়তো ব্যৱহাৰ কৰিব পাৰি। বহু প্ৰত্যাশিক উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল ৬ জুন ২০২৩ ত ঘোষণা কৰিলে।

২০২৩ বৰ্ষৰ এই পৰীক্ষাৰ ফলাফলত দেখা পোৱা গ'ল এখন বিদ্যালয়ৰ প্ৰভুত্ব। নগাঁও ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে কলা আৰু বিজ্ঞান শাখাত ঈৰ্ষণীয় ফলাফল লাভ কৰিলে।

কলা শাখাত সংকল্পজিৎ শইকীয়াই ৫০০ নম্বৰৰ ভিতৰত ৪৯০ নম্বৰ লাভেৰে শীৰ্ষস্থান লাভ কৰিলে। উচ্চতৰ মাধ্যমিকৰ কলা শাখাত প্ৰথম ১০ টা স্থানত এই বিদ্যালয়খনৰেই ৮ জন ছাত্ৰ উজ্বলি উঠিল। তেওঁলোক ক্ৰমে প্ৰথম স্থানত সংকল্পজিৎ শইকীয়া, দ্বিতীয় স্থানত দিয়া মহন্ত, চতুৰ্থ স্থানত চুকলেংমুং চেতিয়া, পঞ্চম স্থানত শেখ ছানিয়া তাছনিম ৰহমান, সপ্তম স্থানত চবনম শইকীয়া, অষ্টম স্থানত জেৰিফা আহমেদ, দশম স্থানত মৃন্ময় কুমাৰ বৰা আৰু ৰক্তিম পাটৰ।

একেদৰে বিজ্ঞান শাখাতো প্ৰথম স্থান লাভ কৰিলে ৰামানুজনৰেই আন এগৰাকী ছাত্ৰ নিখিলেশ দত্তই। এই শাখাতো ৰামানুজনৰ ১১ জন ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰাত কলা বিজ্ঞান শাখাত মুঠ ১৯জন ছাত্ৰ-ছাত্ৰীয়ে স্থান পোৱাৰ এক বিৰল কৃতিত্বক গৰাকী হ'ল এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন।

বিজ্ঞান শাখাত ৰামানুজনৰ পৰা স্থান লাভ কৰিলে ক্ৰমে - প্ৰথম স্থানত নিখিলেশ দত্ত, দ্বিতীয় স্থানত অৰীজিত ৰয়, বিশ্বজ্যোতি দাস, ঋষভ উপাধ্যায় ,তৃতীয় স্থানত প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া,চতুৰ্থ স্থানত সত্যজিত কামান,ষষ্ঠ স্থানত ভাৰ্গভ শিবম,সপ্তম স্থানত বিকাশ জ্যোতি চহৰীয়া,অষ্টম স্থানত শতৰুপা বৰকাকতি, দশম স্থানত কৃষ্ণা ডেকা আৰু অভিলাশা হিমাশ্ৰী দাস।

এইবাৰেই যে ৰামানুজনে এনে ভাল ফলাফল লাভ কৰিছে তেনে নহয়। ২০২০ চনতো আজিৰ দৰে এক পৰিৱেশে বিৰাজ কৰিছিল ৰামানুজনত। এখন বিদ্যালয়ৰ সেই সফলতাৰ আঁৰৰ কাহিনীৰ কাৰণ কি সেই কথা জানিবলৈ আজিৰ পৰা প্ৰায় ৩ বছৰৰ পূৰ্বে এজন ব্যক্তিৰ সৈতে কিছু কথা পাতিছিলো।

সেইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত প্ৰায় অনুৰূপ দৃশ্যই দেখিবলৈ পোৱা গৈছিল। কিয়নো ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম মুঠ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নগাঁও জিলাৰ পৰা স্থান লাভ কৰিছিল।

তাৰ ভিতৰত কলা আৰু বিজ্ঞান শাখাত স্থান লাভ কৰা ১৯ জনেই আছিল ৰামানুজনৰ। নগাঁৱৰ নহয় এতিয়া ৰাজ্যৰ এখন প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান ৰামানুজন জুনিয়ৰ চেকেণ্ডাৰী স্কুল। এই শিক্ষানুষ্ঠান খনৰ আঁৰৰ মানুহ গৰাকীয়ে হ'ল দীলিপ বৰা।তেওঁ প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠান খন এতিয়া সফলতাৰ শীৰ্ষত। ৰাসায়ন বিজ্ঞানত প্ৰথম শ্ৰেণীত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত গুণগত শিক্ষা আৰু ছাত্ৰ-ছাত্ৰীক সুশিক্ষা দিয়াৰ লক্ষ্যৰে দিলীপ বৰাই স্থাপন কৰিছিল ৰামানুজন ।

প্ৰতিবাৰেই এই বিদ্যালয়খনৰ নাম চৰ্চালৈ আহে পৰীক্ষাৰ ফলাফল ঘোষণাৰ সময়ত। ধাৰাবাহিকভাৱে ৰামানুজনৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাতো স্থান লাভ কৰি আহিছে। ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৰামানুজনৰ পৰা এগৰাকী ছাত্ৰই স্থান লাভ কৰিছিল। নিশান্ত বৰা নামৰ ছাত্ৰজনে লাভ কৰিছিল সপ্তম স্থান।

২০০৫চনত স্থাপন কৰা ৰামানুজনৰ লক্ষ্য হ'ল- Education, Development and Progress. ৰামানুজনে ৰামানুজন একাডেমীৰ জৰিয়তে ৰাজ্যখনৰ শিক্ষাৰ বিকাশ আৰু গুণগত শিক্ষা দানৰ লক্ষ্যৰে আগবাঢ়ি গৈছে।

অধ্যক্ষ হিচাপে দিলীপ বৰাই ছাত্ৰ-ছাত্ৰীসকলক কেৱল শিক্ষক ৰূপেই নহয়, পিতৃ-মাতৃৰ দৰে অধ্যয়ন কৰাৰ ক্ষেত্ৰত নিজাকৈ যত্ন লয়। এই শিক্ষানুষ্ঠানখনৰ পৰা ২০১৯ বৰ্ষত বিতোপন আৰন্ধৰাই বিজ্ঞান শাখাত প্রথম স্থান লাভ কৰিছিল। ইয়াৰোপৰি, হৃদি প্ৰিয়ম শৰ্মাই দ্বিতীয় স্থান, বিশাল বৰুৱাই পঞ্চম স্থান , অয়ন কৌশিকে পঞ্চম স্থান, সুভাশিষ দেয়ে পঞ্চম স্থান, অভিযান ডি বাহৈয়ে নৱম স্থান, কৌস্তৱ কিশোৰ কলিতাই দশম স্থান লাভ কৰিছিল।

২০১৮ বৰ্ষতো এই শিক্ষানুষ্ঠানৰ পৰাই সম্প্ৰীতি ৰাজখোৱাই কলা শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। এইবাৰো এই ৰামানুজনৰ মুঠ ১৯ জন ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা আৰু বিজ্ঞান শাখাত স্থান লাভ কৰিছিল।

কলা শাখাত ২০২০ বৰ্ষত প্রথম স্থান লাভ কৰিছিল শ্ৰদ্ধা বৰগোঁহাইয়ে। ৰামানুজনৰ পৰা প্ৰথম স্থান লাভ কৰা শ্ৰদ্ধাই লাভ কৰা মুঠ নম্বৰ আছিল৪৮১। এনে ধাৰাবাহিক সফলতাৰ আঁৰত কি আছে? এই সন্দৰ্ভত পৰীক্ষাৰ ফলাফলৰ ব্যস্ততাৰ মাজতে কথা পতা হৈছিল এই শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ দিলীপ বৰাৰ সৈতে সেই সময়ত।

ধাৰাবাহিকভাৱে শিক্ষানুষ্ঠানখনৰ এই সফলতাৰ কৃতিত্ব দিলীপ বৰাই দিব খোজে শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক। দিলীপ বৰাই কৈছিল 'অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ একানটীয়া প্ৰচেষ্টা, অভিভাৱকসকলৰ সহযোগীতা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পৰিশ্ৰমেই এই সফলতাৰ মূল মন্ত্ৰ।'

এই শিক্ষানুষ্ঠানখনৰ পৰা ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হয়। বিজ্ঞান আৰু কলা শাখাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বহু ছাত্ৰ-ছাত্ৰীয়ে ১-২ নম্বৰৰ বাবে স্থান লাভ নকৰা বুলি উল্লেখ কৰি তেওঁ কৈছিল- 'মোৰ দৃষ্টিত সকলো ছাত্ৰ-ছাত্ৰীয়ে সমান। বহু কেইজন ছাত্ৰ-ছাত্ৰীয়ে ২-১ নম্বৰৰ বাবে স্থান লাভ কৰা নকৰে। তেওঁলোকৰ মেধাৰ প্ৰতি মোৰ সন্দেহ নাই। হয়তো ভাগ্যৰ বাবেই স্থান লাভ কৰাৰ পৰা বঞ্চিত হয়।'

অতি পৰিশ্ৰম কৰি ছাত্ৰ-ছাত্ৰীসকলক গঢ় দিয়া, অধ্যয়নৰ ক্ষেত্ৰত প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ যতন আদি শিক্ষক-শিক্ষয়িত্ৰীসকলে অভিভাৱতকৈও বেছিকৈ লয়। দিলীপ বৰাৰ মতে -শিক্ষক-শিক্ষয়িত্ৰীসকলে ইমান কষ্ট কৰে যে ছাত্ৰ-ছাত্ৰীসকলে পিতৃ-মাতৃতকৈও শিক্ষক-শিক্ষয়িত্ৰীসকলে বেছি টান অনুভৱ কৰে।

এই শিক্ষানুষ্ঠানখনৰ সফলতাৰ মুল মন্ত্ৰ কি? কেনেদৰে ছাত্ৰ-ছাত্ৰীসকলক এই পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা হয়? আছে নেকি কিবা গোপন মন্ত্ৰ?

এই সন্দৰ্ভত ৰামানুজনৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিছিল যে, শিক্ষক-শিক্ষয়িত্ৰীসকলে কিমান কষ্ট কৰে ছাত্ৰ-ছাত্ৰীৰ বাবে সেয়া আপোনালোকে অনুমানেই কৰিব নোৱাৰিব। আমি পৰীক্ষাৰ আগত ছাত্ৰ-ছাত্ৰীসকলক মাক-দেউতাকতকৈ বেছি যতন লওঁ। পূৰ্বৰ প্রশ্নকাকত তেওঁলোকক সমাধান কৰিবলৈ দিয়া হয়। এজন এজন ছাত্ৰই ১০০খন পৰ্যন্ত প্ৰশ্নকাকত সমাধান কৰিব লাগে।

শিক্ষানুষ্ঠানখনত কেৱল পৰীক্ষা কেন্দ্ৰিক ফলাফলৰ ওপৰতে গুৰুত্ব দিয়া নহয়। ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ প্ৰতি দায়িত্বশীল আৰু প্ৰকৃত মানুহ ৰূপে গঢ় দিয়াৰ বাবে সকলো ধৰণৰ শিক্ষা দিবলৈ যত্ন কৰে শিক্ষকসকলে।

প্ৰতিযোগিতামূলক পৰীক্ষাত যাতে ছাত্ৰ-ছাত্ৰীসকলে সফলতা লাভ কৰিব পাৰে তাৰ বাবেও পাঠ্যক্ৰমৰ ব্যৱস্থা আছে । দিলীপ বৰাই অতি উৎসাহেৰে কৈছিল- 'ভাল লাগিছে এইবাৰো আমি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'লো। এয়া ৰাইজৰ আশীৰ্বাদ, শিক্ষকসকলৰ একানপটীয়া চেষ্টা, ছাত্ৰ-ছাত্ৰীসকলৰ বাবেই সম্ভৱ হৈছে বুলি অনুভৱ কৰো।''

দিলীপ বৰাই কৈছিল সেইদিনা- 'মই নিজৰ কথা ক'ব নোখোজো। কিন্তু ছাত্ৰ-ছাত্ৰীক লৈ সপোন দেখো। এই সকল ছাত্ৰ-ছাত্ৰীয়েই অসম গঢ়ি, সমাজ গঢ়ি বিশ্ব দৰবৰাত নিজক প্ৰতিষ্ঠা কৰিব লাগিব। এখন দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰে। মই সকলো ছাত্ৰ-ছাত্ৰীক সমদৃষ্টিৰে চাওঁ।'

২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত ৰামানুজনৰ পৰা শ্ৰদ্ধা বৰগোঁহাইয়ে ৪৮১ নম্বৰ লাভ কৰি শীৰ্ষ স্থান দখল কৰাৰ লগতে এই শাখাত স্থানপ্ৰাপ্ত আন ছাত্ৰ-ছাত্ৰীসকল আছিল - প্ৰিয়াক্ষী বৰা (তৃতীয় স্থান), জুলি বৈশ্য (তৃতীয় স্থান), কাবেৰী কোচ (৫ম স্থান), উদিত্যা ইশানি কাকতি (৭ম স্থান), শতাব্দী পূজাৰী (৭ম স্থান), নম্ৰতা বৰুৱা (৯ম স্থান)।

ইয়াৰ উপৰিও, বিজ্ঞান শাখাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকল আছিল- সাগৰ গোৱালা (৪ৰ্থ স্থান), আশীষ কুমাৰ গাৰ্গ (৫ম স্থান), বনজিৎ হাজৰিকা (ষষ্ঠ স্থান), অম্লানজ্যোতি পেগু (৭ম স্থান), ছবনম গুঞ্জন বৰা (৭ম স্থান), মণিৰুল ইছলাম (৮ম স্থান), চিন্ময় নাথ (৮ম স্থান), অমিষা সিং (৮ম স্থান), হিমাঞ্জলী বৰগোঁহাই (৮ম স্থান), উৎপল ৰাজ কেম্পাই (৯ম স্থান), ইফতিকাৰ আহমেদ (দশম স্থান) আৰু অংকিতা শইকীয়া (দশম স্থান)।

দিলীপ বৰাই অতি যত্নৰে ছাত্ৰ-ছাত্ৰীসকলক চোৱাচিতা কৰে। প্ৰশাসক হিচাপে তেওঁ অতি কঠোৰ। মেধা আৰু সমাজৰ প্ৰতি দায়ৱদ্ধতাক একাত্মক কৰি তেওঁ মানৱ সম্পদ গঢ়ি আহিছে। ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া শুনাৰ বাদে কোনো কথাতেই তেওঁ আপোচ কৰিব নোখোজে।

ব্যক্তিগত ভাৱে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ খবৰ ৰাখে দিলীপ বৰাই। শিক্ষকসকলেও সেই ধৰণে ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই লৈ যায়। ইয়াৰ ফল পাইছে এই শিক্ষানুষ্ঠানখনে।

ফলাফল কেন্দ্ৰিক , কেৰিয়াৰ ভিত্তিক লক্ষ্যৰ বিপৰীতে সমাজমুখী শিক্ষাৰ চেতনাৰে এই সকলোবোৰ সামৰি ছাত্ৰ-ছাত্ৰীসকলক মানুহ ৰূপে গঢ় দিবলৈ এই সময়খিনিত কৰা ত্যাগ, চেষ্টা আৰু সাধনাই এতিয়া ৰামানুজনক অন্য মাত্ৰা দিছে।

আঁৰৰ মানুহ হিচাপে দিলীপ বৰাই সন্মুখৰ পৰা নেতৃত্ব দিছে এই শিক্ষানুষ্ঠানখনক। সেয়ে হয়তো আজি সকলোৰে মনত প্ৰশ্ন উঠিছে- আনে নোৱাৰা এনে ফলাফল ৰামানুজনে কেনেকৈ লাভ কৰিছে? এই কৃতিত্বতো ইমান সহজ নহয়। ধাৰাবাহিকভাৱে এখন শিক্ষানুষ্ঠানৰ এনে ফলাফল সঁচাই ঈৰ্ষনীয়।

যি সময়ত আন শিক্ষানুষ্ঠানৰ বাবে ভাল ফলাফল লাভ কৰাতো এক প্ৰত্যাহ্বান হৈছে সেই সময়ত ৰামানুজনৰ ফলাফল আনৰ বাবে উদাহৰণ হৈ পৰিছে।

ৰামানুজন আজি চৰ্চাত। কিন্তু ইয়াৰ অন্তৰালত কিমান যে কঠিন পৰিশ্ৰম আৰু অধ্যৱসায় জড়িত হৈ আছে সেই কথা বহুতেই নাজানে। ছাত্ৰ-ছাত্ৰীকেই জীৱনৰ সপোন কৰি লৈছে দিলীপ বৰাই। তেনেকৈয়ে গঢ় দিছে ৰামানুজন। শিক্ষানুষ্ঠানখনৰ সফলতাৰ সমভাগী শিক্ষকসকল, ছাত্ৰ-ছাত্ৰীসকল । অভিভাৱকসকলৰো ইয়াত ভূমিকা আছে।

ৰামানুজনৰ অধ্যক্ষ দিলীপ বৰাই কোৱাৰ দৰেই ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ আন্তৰিক সম্পৰ্ক আছে। স্বতস্ফূত ভাৱে সৃষ্টি হোৱা প্ৰেৰণাদায়ক সম্পৰ্কই ছাত্ৰ-ছাত্ৰীসকলক নিজৰ প্ৰতিয়েই দায়ৱদ্ধ কৰি তোলে। সেই দায়ৱদ্ধতাই সফলতাৰ অন্যতম মহামন্ত্ৰ।

কেনেকৈ পঢ়াই দিলীপ বৰাই?
ৰাখক নিজৰ কথা, গছৰ তলত আপুনিও পাতক বিধানসভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in