উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল!

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ এজন ছাত্ৰৰ। অভিযোগ অনুসৰি পৰীক্ষাৰ এদিন পূৰ্বেই হোৱাটছএপৰ জৰিয়তে প্ৰচাৰ হৈছিল

author-image
Asomiya Pratidin
New Update
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল!

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ এজন ছাত্ৰৰ। অভিযোগ অনুসৰি পৰীক্ষাৰ এদিন পূৰ্বেই হোৱাটছএপৰ জৰিয়তে প্ৰচাৰ হৈছিল বিজ্ঞান শাখাৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত। মঙলবাৰে অনুষ্ঠিত হৈছিল ৰাসায়ন বিজ্ঞানৰ পৰীক্ষা।

পৰীক্ষা শেষ হোৱাৰ পাছতেই এই অভিযোগ আনে ছাত্ৰ গৰাকীয়ে। অভিযোগ অনুসৰি ছপা প্ৰশ্নকাকতৰ হাতে লিখা প্ৰতিলিপি ফাদিল হৈছিল এদিন পূৰ্বে। যোৰহাটৰ এগৰাকী ছাত্ৰই প্ৰেৰণ কৰিছিল হাতে লিখা প্ৰশ্ন কাকত খন।

ছ'চিয়েল মিডিয়াত ইয়াৰ চৰ্চা চলাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত সংসদে কৈছে যে পৰীক্ষা শেষ হোৱাৰ পাছত প্ৰশ্ন কাকত ফাদিলৰ প্ৰশ্নয়েই নুঠে।

Also Read: সুৰা আৰু বিত্তীয় কেলেংকাৰী! পদত্যাগ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ...

AHSEC