সুৰা আৰু বিত্তীয় কেলেংকাৰী! পদত্যাগ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ...

সুৰা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ উপমুখ্যমন্ত্ৰী মনিষ ছিচদিয়া। গ্ৰেপ্তাৰৰ পাছতেই মঙলবাৰে পদত্যাগ কৰে দিল্লীৰ উপমুখ্যমন্ত্ৰী মনিষ ছিচদিয়া আৰু মন্ত্ৰী সৈতেন্দ্ৰ জৈনে।

author-image
Asomiya Pratidin
New Update
সুৰা আৰু বিত্তীয় কেলেংকাৰী! পদত্যাগ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ...

ডিজিটেল ডেস্ক: সুৰা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ উপমুখ্যমন্ত্ৰী মনিষ ছিচদিয়া। গ্ৰেপ্তাৰৰ পাছতেই মঙলবাৰে পদত্যাগ কৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিচদিয়া আৰু মন্ত্ৰী সৈতেন্দ্ৰ জৈনে। দুয়োৰে পদত্যাগ পত্ৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

Advertisment

অৰবিন্দ কেজৰিৱালৰ পিছত আম আদমী পাৰ্টিৰ দ্বিতীয় জনপ্ৰিয় নেতা হিচাপে বিবেচিত মনীষ চিছোদিয়াৰ হাতত ১৮ টা দপ্তৰ আছিল।শিক্ষা আৰু বিত্ত আদি বিভাগ তেওঁৰ হাতত পূৰ্বৰ পৰাই আছিল। কিন্তু মন্ত্ৰী সৈতেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰৰ পাছত স্বাস্থ্য, লোক নিৰ্মাণ, গৃহ বিভাগ আদিও তেওঁ চম্ভালিছিল। বিত্তীয় কেলেংকাৰীত দীৰ্ঘদিন ধৰি কাৰাগাৰত আছে জৈন।

চিছোদিয়া আৰু সৈতেন্দ্ৰ জৈনৰ পদত্যাগৰ পিছত কেজৰিৱাল মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়ে আলোচনা হৈছিল। কিন্তু সূত্ৰ অনুসৰি এতিয়াই সম্প্ৰসাৰণ নহয় কেজৰিৱাল মন্ত্ৰী সভাৰ। ইয়াৰ সলনি বিভাগ সমূহ কৈলাশ গহলৌত আৰু ৰাজকুমাৰ আনন্দক হস্তান্তৰ কৰা হ'ব।

Also Read: ফুলৰ পৰিৱৰ্তে গছপুলি উপহাৰ দিয়ক : জ্ঞান মহোৎসৱত যাদৱ পায়েং

manish sisodia Satyendar Jain aap