ডিজিটেল ডেস্ক : ৰাজ্যৰ বজাৰত বিভিন্ন ব্ৰেণ্ডৰ ঘিউ উপলব্ধ। প্ৰতি কেজি ঘিউৰ মূল্য ন্যূনতম ৬৫০ৰ পৰা ৭০০ টকা হ’ব লাগে যদিও অসমৰ বজাৰত ৩০০ টকাতো পোৱা যায় ঘিউ। খাটি গৰু বা ম’হৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা ঘিউ কোনো কাৰণতে ইমান কম মূল্যত গ্ৰাহকক দিয়াতো সম্ভৱ নহয়।
তেনে পৰিপ্ৰেক্ষিতত অসমৰ বজাৰত উভৈনদী হৈ পৰা এইবোৰ ঘিউ কোনে, কেনেকৈ প্ৰস্তুত কৰিছে তাকলৈ সন্দেহৰ অৱকাশ হৈছে। দুগ্ধ উৎপাদনৰ সৈতে জড়িত অভিজ্ঞ লোকৰ মতে, কোনো কাৰণতে ৩০০ টকাত ১কেজি ঘিউ গ্ৰাহকক দিব নোৱাৰে উৎপাদকে।
অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি মন্দিৰৰ প্ৰসাদকেন্দ্ৰিক বিতৰ্কই অসমৰ বজাৰতো বিভিন্ন জীৱ-জন্তুৰ চৰ্বিৰ পৰা প্ৰস্তুত কৰা নকল ঘিউৰ পয়োভৰ ঘটাৰ সম্ভাৱনাই প্ৰকট কৰি তুলিছে। উল্লেখযোগ্য যে তিৰুপতি মন্দিৰত এ ডি ডায়েৰী ফুড প্ৰাঃ লিমিটেডে যোগান ধৰিছিল প্ৰসাদ প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা ঘিউ।
সেই প্ৰসাদৰ নমুনা পৰীক্ষা কৰাত তাত ব্যৱহাৰ কৰা ঘিউত গৰু, গাহৰি আৰু মাছৰ চৰ্বিৰ উপস্থিতি ধৰা পৰিছিল। এই বিষয়টোক লৈ কেৱল অন্ধ্ৰপ্ৰদেশতে নহয়, ভাৰতৰ লগতে সমগ্ৰ বিশ্ব ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যাণালয়ে অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ পৰা সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে এক প্ৰতিবেদন বিচাৰিছে। অসমলৈও দেশৰ বিভিন্ন প্ৰান্তত প্ৰস্তুত কৰা ঘিউ আহে। সেই ঘিউবোৰৰ ভিতৰত কৃত্ৰিমভাৱে এনেধৰণে জীৱ-জন্তুৰ চৰ্বিৰ জৰিয়তে প্ৰস্তুত কৰা ঘিউৰো এখন বৃহৎ বজাৰ গঢ় লৈ উঠাতো নুই কৰিব নোৱাৰি।
উল্লেখযোগ্য যে ঘিউ প্ৰস্তুতকাৰী কোম্পানী আমূল আৰু নন্দিনীয়ে সদৰী কৰা মতে ১ কেজি ঘিউ প্ৰস্তুত কৰিবলৈ বৰ্তমান সময়ত তেঁওলোকক ৪৬০ৰ পৰা ৫০০ টকা মূল্যৰ গাখীৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও এইবোৰৰ পেকেজিং আৰু পৰিবহণ ব্যয় মিলালে প্ৰতিকেজি ঘিউত ৫৫০ৰো অধিক টকা ব্যয় হয়।
তেনে পৰিপ্ৰেক্ষিতত ১ কেজি ঘিউৰ ৬৫০ৰ পৰা ৭০০ টকাৰ ভিতৰত বিক্ৰী কৰিব লগা হয় প্ৰস্তুতকাৰী কোম্পানীবোৰে। তাৰ মাজতে ইয়াৰ আধাদামত অৰ্থাৎ ৩০০ টকা প্ৰতিকেজিত কেনেকৈ ঘিউ অসমৰ বজাৰত বিক্ৰী হৈ আছে সেয়াহে চিন্তনীয় বিষয়।
ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ তথা স্বাস্থ্য বিভাগে এনে ঘিউৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিলে কিহৰ পৰা এই ঘিউবোৰ প্ৰস্তুত কৰা হৈছে সেয়া ওলাই পৰিব।