কচুৱাৰ বৰপানী চাহ বাগানত ভয়ংকৰ পথ দুৰ্ঘটনা...

কচুৱাৰ বৰপানী চাহ বাগানত ভয়ংকৰ পথ দুৰ্ঘটনা...

ডিজিটেল সংবাদ, কামপুৰঃ আজি সন্ধিয়া কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰপানী চাহবাগান পথত চাৰিচকীয়া বাহন আৰু স্কুটি আৰোহীৰ মাজত মুখামুখী সংঘৰ্ষ হোৱাত স্কুটি আৰোহী ৰাজিব কুজুৰ গুৰুতৰভাৱে আহত হয় ৷ চূৰ্ণ বিচূৰ্ণ হোৱা স্কুটিৰ নম্বৰ হল এ এচ 02এ এইচ 2311 আৰু চাৰিচকীয়া গাড়ীৰ নম্বৰ হল এ এচ 02 এন 5907 ৷

চাৰিচকীয়া বাহনৰ চালক আৰু আন এজন যুৱকক চাহ বাগানৰ সহস্ৰাধিক লোক উত্তম মাধ্যম দিয়াৰ সময়তে কচুৱা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰাৰ লগে লগেই শ শ উত্তেজিৎ লোকে আৰক্ষীলৈ চোচা লোৱাত পৰিস্থিতি ভীষণ হৈ পৰে ৷ তৎক্ষণাত কচুৱা ,কামপুৰ আৰু কঠীয়াতলী আৰক্ষীৰ লোকে পৰিস্থিতি শান্ত কৰিবলৈ শূণ্যলৈ কেবাজাই গুলী ফুটাই চত্ৰভংগ দিয়ে ৷

ইয়াৰ পিছতো বাগানৰ একাংশ যুৱক হাতে হাতে লাঠি লৈ দূৰ্ঘটনা কৰা চাৰিচকীয়া বাহন খনত কোবাই লণ্ড ভণ্ড কৰে ৷ আহত হোৱা চাৰিজন লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সহস্ৰাধিক উত্তেজিৎ লোকক শান্ত কৰিবলৈ শতাধিক আৰক্ষীৰ লোকক মোতায়েন কৰা হৈছে ৷

কচুৱাৰ বৰপানী চাহ বাগানত ভয়ংকৰ পথ দুৰ্ঘটনা...
কান্ধত ঢোল লৈ প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ মন্ত্ৰী অতুল বৰাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in