কান্ধত ঢোল লৈ প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ মন্ত্ৰী অতুল বৰাৰ...

কান্ধত ঢোল লৈ প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ মন্ত্ৰী অতুল বৰাৰ...

ডিজিটেল সংবাদ, চিলাপথাৰঃ ধেমাজিৰ চিচিবৰগাঁওত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ প্ৰচাৰ চলাবলৈ আহিল অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা। ঢ়োল বজাই বিহু গাই মিত্ৰ দলক সমৰ্থনৰ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ আমোলতে দেশত হোৱা উন্নয়ন আৰু পৰিবৰ্তনৰ সম্যক খতিয়ান দাঙি ধৰি ভাষণ প্ৰদান কৰি উন্নয়নৰ স্বাৰ্থতে বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থীক সমৰ্থন দিবলৈ ৰাইজৰ প্ৰতি গোহাৰি জনায়।

বৃহস্পতিবাৰে চিচিবৰগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত ভাগ লৈ মন্ত্ৰীজনে লক্ষীমপুৰত এইবাৰ নিৰ্বাচন একপক্ষীয় হ'ব আৰু বিপুল ভোটত মিত্ৰদলৰ প্ৰাৰ্থী প্ৰদান বৰুৱা বিজয়ী হ'ব বুলি কয়। অৰুনোদয় আঁচনিৰ ফৰ্ম বিতৰণ কৰা বুলি হোৱা চৰ্চাৰ উত্তৰ হিচাপে মন্ত্ৰী বৰাই কোনো ফৰ্ম বিতৰণ কৰা নাই এইয়া জৰীপহে বুলি মন্তব্য কৰি চৰকাৰে ৰাইজৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লৈ যাব বুলি কয়। বিহুৰ বতৰতে অনুষ্ঠিত প্ৰচাৰ সভাত উপস্থিত থাকি মন্ত্ৰী জনে বিহু দলৰ সৈতে ঢোল সংগত কৰি কৰি ৰাইজক বিহুৰ ল'গ যাচে।

কান্ধত ঢোল লৈ প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ মন্ত্ৰী অতুল বৰাৰ...
ধিং আঠ গাঁও নিৱাসী ডিম্বেশ্বৰ কলিতাৰ বিয়োগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in