কণ্ঠশিল্পী বৰ্ণালী কলিতালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

দিল্লীৰ ইণ্টিগ্ৰেটেড গ্ল’বেল ইউনিভাৰ্ছিটীয়ে প্ৰদান কৰে ডক্টৰেট ডিগ্ৰী

author-image
Asomiya Pratidin
New Update
কণ্ঠশিল্পী বৰ্ণালী কলিতালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

ডিজিটেল ডেস্ক:  জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাক প্ৰদান কৰা হ’ল সন্মানীয় ডক্টৰেট ডিগ্ৰী। দিল্লীৰ ইণ্টিগ্ৰেটেড গ্ল’বেল ইউনিভাৰ্ছিটীয়ে কণ্ঠশিল্পীগৰাকীক এই সন্মান প্ৰদান কৰে। ২৯ মে'ত নেপালৰ কাঠমাণ্ডুত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক এই সন্মান প্ৰদান কৰা হয়।

ইয়াৰ লগতে একেখন বিশ্ববিদ্যালয়ৰ গ্ল’বেল চেম্বাৰ অব কমাৰ্চ ইণ্ডাষ্ট্ৰী এণ্ড এগ্ৰিকালচাৰ বিভাগে ‘লৰ্ড গৌতম বুদ্ধ ইণ্টাৰনেশ্যনেল পীচ এৱাৰ্ড ২০২৪’ শীৰ্ষক আন এক বঁটাও প্ৰদান কৰে কণ্ঠশিল্পীগৰাকীক।

উল্লেখ্য যে ১৯৯৪ চনৰপৰা অসমৰ শ্ৰোতাক বিভিন্ন সুমধুৰ গীতেৰে বিনোদন প্ৰদান কৰি আহিছে কলিতাই। এই পৰ্যন্ত তেওঁ ৮ হাজাৰৰো অধিক গীতত কণ্ঠদান কৰিছে। অসমীয়াৰ লগতে বাঙালী, বড়ো, খাচী, গাৰো, ইংৰাজী আদি ভাষাৰ গীতত তেওঁ কণ্ঠদান কৰিছে।

বিহুমঞ্চৰ শ্ৰোতা-দৰ্শকৰ অন্যতম প্ৰিয় শিল্পী বৰ্ণালী কলিতা উক্ত স্বীকৃতিসমূহ লাভ কৰি যথেষ্ট উৎফুল্লিত। ইয়াৰ পূৰ্বে তেওঁক সুধাকণ্ঠ ড° ভূপেন হাজৰিকা বঁটা, অসম সাহিত্য সভাৰ অসম শিল্পী বঁটা, অসম লেখিকাৰ সুৰ শিল্পী বঁটা আদিৰে সন্মানিত কৰা হৈছে।

Also Read: পিতা-পুত্ৰ হকাৰ! পুত্ৰই পালে MBBSত স্থান...

honorary doctorate Barnali kalita assamese singer award