/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-21/p7jqhmm1/AP-PROTIBEDON-new.png)
এজন যুৱকৰ সফলতাৰ যাত্ৰা। কষ্ট, অধ্যাৱসায়, সাধনাৰ এক যাত্ৰাই যেন পূৰ্ণতা পালে। হকাৰ পিতৃৰ হকাৰ পুত্ৰই স্থান পালে এমবিবিএছত। কোচিং নোহোৱাকৈ অইনৰ কিতাপ, ইউটিউবত ভিডিঅ' চাই মেডিকেলৰ জটিল পৰীক্ষাত সফলতা অৰ্জন কৰা গৌৰৱ বৈশ্য জীয়া কাহিনীক লৈ অসমীয়া প্ৰতিদিন ডিজিটেল এক প্ৰতিবেদন...
লক্ষ্য যদি স্থিৰ হয়, সাধনা যদি প্ৰৱল হয় তেনে পৃথিৱীৰ কোনো শক্তিয়ে সফলতাৰ বাটত বাধা হৈ থিয় দিব নোৱাৰে। আমাৰ দেশ তথা সমাজত এনে অনেক উদাহৰণ আছে। আমাৰ কাষতে থকা বহুজনে নিৰন্তৰ চেষ্টা আৰু অধ্যাৱসায়ৰ ফলত আৰোহন কৰিছে সফলতাৰ শিখৰ।
যুৱকজনৰ নাম গৌৰৱ। নামৰ দৰেই গৌৰৱৰ কাম-কাজৰ উমান পালে আপুনিও গৌৰৱক লৈ গৌৰৱ অনুভৱ কৰিব। নলবাৰী জিলাৰ বেলশৰৰ নিৱাসী গৌৰৱ বৈশ্যই অশেষ কষ্টৰ মাজতো সৰ্বভাৰতীয় নীট পৰীক্ষাত উৰ্ত্তীণ হৈ এম বি বি এছত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিছে।
দশম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ পৰাই গৌৰৱে ঘৰে ঘৰে বাতৰি কাকত বিতৰণ কৰে। সেয়া আছিল ২০২০চনৰ কথা। পুৱতি নিশাৰে পৰা বেলেগৰ ঘৰৰ পদুলিয়ে পদুলিয়ে খবৰ কাগজ বিতৰণ কৰি নিজৰ লগতে পৰিয়ালৰ বাবে কিছু টকা উপাৰ্জন কৰে গৌৰৱে। পিতৃক কামত সকাহ দিয়াৰ উদ্দেশ্যেৰেই এইদৰে হকাৰৰ কামৰ সমান্তৰালভাৱে পঢ়া-শুনাও কৰি গৈছিল গৌৰৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-21/96gzp8o2/2cef2034-55b2-4b2f-b1f7-be32182c0b31.jpg)
বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০২১ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈছিল গৌৰৱ। ইয়াৰ পাছতে ২০২৩ত চামতাৰ ইডেন ভেলীৰ পৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত পঢ়ি প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল তেওঁ। তাৰ পাছতে কামৰ সমান্তৰালভাৱে নীৰৱে গৌৰৱে আৰম্ভ কৰে নীট পৰীক্ষাৰ প্ৰস্তুতি।
আৰ্থিকভাৱে যথেষ্ট দুৰ্বল গৌৰৱৰ পিতৃয়ে নীট পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কোচিং ক্লাছ দিয়াৰ সামৰ্থ নাছিল। প্ৰায় ৩৫বছৰ হকাৰৰ কাম কৰি গৌৰৱৰ পিতৃ নিৰঞ্জন বৈশ্যই অভাৱ-অনাটনৰ মাজেৰে চাৰিজনীয়া পৰিয়ালটোক পোহপাল দি আছে। একমাত্ৰ বাতৰি কাকত বিতৰণ কৰি লাভ কৰা টকা কেইটাই বৰ অভাৱৰ মাজেৰে পৰিয়ালটো চলি আছিল। তাৰ মাজত পুত্ৰক নীট পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কোচিং দিয়াৰ সামৰ্থ নাছিল পিতৃৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-21/mhezsgga/45b29d00-9c5b-4bed-9766-4bd590080734.jpg)
ঘৰৰ অভাৱ-অনাটনৰ সকলো কথা বুজিছিল, দেখিছিল গৌৰৱে। কোচিঙৰ আশা বাদ দি নিজেই যিমান পাৰে নীট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল তেওঁ। কিতাপ পঢ়ি, ইউটিউবত ভিডিঅ চাই গৌৰৱে দিন-ৰাতিয়ে প্ৰস্তুতি চলালে নীট পৰীক্ষাৰ বাবে। ৰাতি দুপৰৰলৈকে পঢ়ি পুৱতি নিশা পুনৰ ওলাই গৈছিল বাতৰি কাকত বিলাবলৈ।
গৌৰৱ এই কষ্টই অৱশেষত ফল ধৰিল। চেষ্টাৰ অসাধ্য যে এই পৃথিৱীত একো নাই তাৰ প্ৰমাণ দিলে গৌৰৱে। পুত্ৰৰ সাফল্যৰ খবৰ শুনি চকুপানী ৰখাব নোৱাৰিলে হকাৰ পিতৃ নিৰঞ্জন বৈশ্যও। যোৱা ১৮অক্টোবৰ, ২০২৪ত গৌৰৱে পশ্চিম বংগৰ উত্তৰবংগ চিকিতসা মহাবিদ্যালয়ত এমবিবিএছত নামভৰ্তি কৰিলে।
এটা সপোনে যেন পূৰ্ণতা পালে। কষ্ট, একাগ্ৰতা, সাধনাৰ জোৰ কিমান তাৰ যেন প্ৰমাণ দিলে গৌৰৱে। দৰিদ্ৰতাই কোঙা কৰিব নোৱাৰা, সফলতাৰ শিখৰ চুমিবলৈ দুৰ্বাৰ হেপাঁহৰ বাবেই গৌৰৱে আৰ্জিলে এই সফলতা। আজিলৈকে কোনো চৰকাৰী সুবিধা নোপোৱা হকাৰ নিৰঞ্জন বৈশ্যৰ স্বাভিমানী মনটোকে সকলোৱে চেল্যুট দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-21/uspg7hck/2cef2034-55b2-4b2f-b1f7-be32182c0b31.jpg)
এদিন হয়তো গৌৰৱ চিকিৎসক হৈ ওলাই আহিব। দৰিদ্ৰতাই কোঙা কৰা ঘৰখনত এগছি পোহৰ হ’ব গৌৰৱ। গাওঁ, জিলা, ৰাজ্যখনৰ বাবে এটা উদাহৰণ হ’ব গৌৰৱ। যিসকলে উচ্চ শিক্ষাৰ দুৰ্বাৰ হেপাঁহ মনত পুঁহি ৰাখিও বিভিন্ন পৰিস্থিতিৰ বাবে লক্ষ্যত উপনীত হ'ব পৰা নাই, তেওঁলোকৰ বাবেও সাহসৰ অন্য নাম হ’ব গৌৰৱ। গৌৰৱলৈ অভিনন্দন...