/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/abf9b0e3-e60d-4666-80fe-73a415e4500f/1.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ মহানগৰীৰ অন্তৰ্গত স্বৰ্গীয় যাদৱ চন্দ্ৰ নাথ হোমিওপেথিক মেডিকেল কলেজত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। চৰম সিদ্ধান্ত বাছি ল'লে মেডিকেল কলেজখনৰ উপাধ্যক্ষ ড° নাৰায়ন দেৱ নাথে। এই পৰ্যন্ত তেওঁৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই। প্ৰাপ্ত তথ্য অনুসৰি নিশা আৱাস গৃহত অকলে আছিল ৫৭ বছৰীয়া দেৱ নাথ।
তেওঁৰ প্ৰকৃত ঘৰ আছিল লংকাৰ ডবকাত। কিন্তু এবছৰে আৱাসটোত বাস কৰি আছিল পৰিয়ালটো।ইফালে মাটি ক্ৰয় কৰি নগাঁৱত ঘৰ দুৱাৰ বনাইছিল দেৱ নাথে।
জানিব পৰা মতে, পুৱা প্ৰায় ৬.৪৫ বজাত তেওঁক ডিঙিত চিপ লোৱা অৱস্থাত দেখে সমীপৰ ছাত্ৰী নিবাসৰ ছাত্ৰী সকলে। দণ্ডাধীশৰ উপস্থিতিত নমোৱা হ'ব মৃতদেহ।উল্লেখ্য যে, HOMIOPETHIC MATERIA MEDICA বিভাগৰ অধ্যাপক তথা চিকিৎসক আছিল নাৰায়ন দেৱ নাথ।
Also Read: নগাঁৱৰ চিকিৎসালয়ৰ মৰ্গত দুদিন ধৰি পৰি আছে অচিনাকি মহিলাৰ মৃতদেহ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us