নগাঁৱৰ চিকিৎসালয়ৰ মৰ্গত দুদিন ধৰি পৰি আছে অচিনাকি মহিলাৰ মৃতদেহ

নগাঁৱৰ চিকিৎসালয়ৰ মৰ্গত দুদিন ধৰি পৰি আছে অচিনাকি মহিলাৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
মহানগৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱতী

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মৰ্গত দুদিন ধৰি পৰি আছে এগৰাকী অচিনাকি মহিলাৰ মৃতদেহ। জানিব পৰা মতে, ৭ জুলাইত ৰাইডঙীয়াৰ ঔতলত এটা দুৰ্ঘটনা সংঘটিত হৈছিল। দুৰ্ঘটনাটোত এখন অচিনাকি বাহনে এগৰাকী অচিনাকি মহিলা পথচাৰীক খুন্দিয়াই থৈ গৈছিল।

ঘটনাত গুৰুতৰভাৱে আহত হৈছিল পথচাৰীগৰাকী। লগে লগে স্থানীয় লোকে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।কিন্তু ক্ৰমাৎ মহিলাগৰাকীৰ অৱস্থা গুৰুতৰ হৈ পৰে।পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ মৃত্যু হয়।

কিন্তু এই পৰ্যন্ত মহিলাগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই। যাৰ বাবে সমস্যাত পৰিছে চিকিৎসালয় কৰ্তৃপক্ষ। আত্মীয় স্বজন তথা সদাশয় ব্যক্তিয়ে মহিলাগৰাকীক চিনাক্তকৰণ কৰি মৃতদেহটো চমজি ল'বলৈ আহ্বান জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই।

NAGAON hospital