প্ৰয়াত সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঞিৰ ৯১ সংখ্যক জন্ম দিৱস উপলক্ষ্যে "হোমেন বৰগোহাঞিৰ সাহিত্য আৰু সান্নিধ্য"  উন্মোচন

author-image
Asomiya Pratidin
New Update
প্ৰয়াত সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঞিৰ ৯১ সংখ্যক জন্ম দিৱস উপলক্ষ্যে "হোমেন বৰগোহাঞিৰ সাহিত্য আৰু সান্নিধ্য"  উন্মোচন

ডিজিটেল সংবাদ, ঢকুৱাখনা : প্ৰজ্ঞাধিমান ,খ্যাতনামা সাহিত্যিক, প্ৰজ্ঞাৰ সাধক , বিশিষ্ট সাংবাদিক, ঢকুৱাখনাৰ সুযোগ্য সন্তান প্ৰয়াত হোমেন বৰগোহাঞিৰ ৯১ সংখ্যক জন্মদিন উপলক্ষে বুধবাৰে বৰগোহাঞিৰ দুই অনুৰাগী ,নিকতাত্মীয়ই প্ৰকাশ কৰি উলিয়াই এখন মনোজ্ঞ গ্ৰন্থ।  বিশিষ্ট সাহিত্যিক ,সু লেখিকা নিবেদিতা লাগাচু আৰু মৌচুমী হাতী বৰুৱাৰ সম্পাদিত প্ৰায় ৪৩১ পৃষ্ঠা বিশিষ্ট "হোমেন বৰগোহাঞিৰ সাহিত্য আৰু সান্নিধ্য" শীৰ্ষক গ্ৰন্থখন বুধবাৰে শুভ উন্মোচন কৰা হয়।

Advertisment

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত  বৰগোহাঞিৰ ৯১ সংখ্যক জন্মদিন উপলক্ষত চৰ-চাপৰি অসমীয়া সমাজৰ উদ্যোগত অনুষ্ঠিত "সমন্বয়ৰ দিন" শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ সভাত  বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকাই গ্ৰন্থখন শুভ উন্মোচন কৰে । "প্ৰতিদিন টাইম"ৰ মুখ্য সম্পাদক  নিতুমনি শইকীয়া, বিশিষ্ট শিক্ষাবিদ  প্ৰয়াত বৰগোহাঞিৰ সুপুত্ৰ অনিন্দ্য বৰগোহাঞি আদিয়ে অংশগ্ৰহণ কৰা এই উন্মোচনী সভাত সভাপতিত্ব কৰে চৰ চাপৰিৰ অসমীয়া সমাজৰ সভাপতি ডাঃ ফজলুল হক চৌধুৰীয়ে ।

বিশিষ্ট কথা সাহিত্যিক ইছমাইল হোছেইনে আঁত ধৰা সভাখনত হোমেন বৰগোহাঞিৰ কালজয়ী ৰচনা ৰাজিৰ নিৰ্মোহ বিচাৰ- বিশ্লেষণেৰে সমৃদ্ধ 'হোমেন বৰগোহাঁই: সাহিত্য আৰু সান্নিধ্য’ই এখন সাহিত্য- সমালোচামূলক গ্ৰন্থৰূপে অসমীয়া সাহিত্য- ৰসিক পাঠক আৰু ভাষা সাহিত্যৰ গবেষক ছাত্র-ছাত্রীক চিন্তাৰ খোৰাক যোগাব বুলি উন্মোচনী সভাত উপস্থিত বিজ্ঞজনে মত ব্যক্ত কৰে। ৰাজ্যখনৰ ৩৬ গৰাকী বিশিষ্ট লেখকে নিজস্ব দৃষ্টিভংগী আৰু সূক্ষ্ম বিচাৰ বিশ্লেষণেৰে  বৰগোহাঞিৰ অমূল্য সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰি পৰ্যালোচনা আগবঢ়াই বৰগোহাঞিৰ শত-সহস্ৰ গুণমুগ্ধ অনুৰাগীৰ মাজৰ পৰা কেইবাজনো অনুৰাগীয়ে বৰগোহাঞিৰ অমৃতময় সান্নিধ্য-সুধা পাঠকৰ বাবে বিলাই দিয়াৰো প্রয়াস কৰিছে

খ্যাতনামা সাহিত্যিক,  বৰগোহাঞিৰ সহধৰ্মিনী নিৰুপমা বৰগোহাঞি, বিশিষ্ট লেখক গোবিন্দ প্ৰসাদ শৰ্মা, আনন্দ বৰমূদৈ, ৰঞ্জিত সভাপণ্ডিত, নবীন বৰুৱা, কমলা বৰগোঁহাই, ইছমাইল হোছেইন, অখিল ৰঞ্জন দত্ত, প্ৰাণজিত বৰা, উৎপল দত্ত, পৰিতোষ চক্ৰৱৰ্ত্তী, ৰুবী কটকী, পল্লবী ডেকা বুজৰ‌ বৰুৱা, নিৰ্মল চাহেৱালা, প্ৰণয় ফুকন, মামনি গগৈ বৰগোহাঁই , বিনীতা বৰা দেৱচৌধুৰী, স্বাতী কিৰণ আদি প্ৰথিতযশা সাহিত্যিকৰ মননশীল ৰচনাৰে সমৃদ্ধ  'হোমেন বৰগোহাঞি: সাহিত্য আৰু সান্নিধ্য' নিঃসন্দেহে এখন পঠনীয় আৰু সংৰক্ষণযোগ্য গ্ৰন্থ হব বুলি উন্মোচনী অনুষ্ঠানত উপস্থিত সাহিত্যনুৰাগী সকলে মত ব্যক্ত কৰে।

আৰু পঢ়ক : বটদ্ৰৱা থান পুনৰ উদ্ধাৰৰ লগত জড়িত তথা মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত কুজি সত্ৰলৈ পোন প্ৰথমবাৰৰ বাবে আহিব অসমৰ মুখ্যমন্ত্ৰী...

assam dhakuakhana