বটদ্ৰৱা থান পুনৰ উদ্ধাৰৰ লগত জড়িত তথা মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত কুজি সত্ৰলৈ পোন প্ৰথমবাৰৰ বাবে আহিব অসমৰ মুখ্যমন্ত্ৰী...

সত্রত উখল মাখল পৰিৱেশ। ভকত বৈষ্ণৱ, আইমাতৄয়ে মিলি চলাইছে প্ৰস্তুতি।
বটদ্ৰৱা থান পুনৰ উদ্ধাৰৰ লগত জড়িত তথা মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত কুজি সত্ৰলৈ পোন প্ৰথমবাৰৰ বাবে আহিব অসমৰ মুখ্যমন্ত্ৰী...

ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান পুনৰ উদ্ধাৰৰ কাহিনীৰ লগত জড়িত এজুপি কৰ্দৈ গছ আৰু ৩৭২ বছৰীয়া ঐতিহ্যমণ্ডিত এখনি সত্ৰ হৈছে কুজি সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পাছত কালিন্দী আইৰ মুখত বটদ্ৰৱাৰ ভৌগোলিক অৱস্থান আৰু অৱস্থিতিৰ কথা শুনি গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত জলপথেৰে আহি উপস্থিত হৈছিল যি ঠাইত এই ঠাইখিনিৰ নাম হৈছে কুঁজি। আই কনকলতাই গুৰুজনাৰ ভাগিন নাতি দামোদৰ আতাৰ লগত দেওৰা বিল পাৰ হৈ আহি এই ওখ ঠাই খনিতেই নিশা কটাইছিল। আৰু নিশা ইয়াতেই চাউল সিজোৱা প্ৰস্তুত কৰিবলৈ সেই সময়ত কৰ্দৈ গছৰ তিনিটা খুটি পুটি চৰু বঢ়াই অন্ন প্ৰস্তুত কৰিছিল। অন্ন গ্ৰহনৰ পাছত নিয়ম অনুসৰি নিশাই তাৰে দুটা খুটি উভালি পেলাইছিল আৰু এটা খুটি ৰাখি তাতেই থৈছিল। পুৱা সাৰ পাই আইৰ লগত অহা ভক্ত সকলে আশ্বৰ্য্য জনক ভাবে আধা পোৰা কৰ্দৈ খুটিৰ পৰা গজালি ওলোৱা প্ৰত্যক্ষ কৰিছিল।

পৰবৰ্তী পৰ্যায়ত আই কনকলতাই সেই ঠাই খনৰ পৰাই উত্তৰে জলপথেৰে গৈ বটদ্ৰৱা থান উদ্ধাৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থান নকৈ গঢ় দিছিল। আৰু সেই গজালি ওলোৱা আধা পোৰা কৰ্দৈ বৃক্ষলৈ ৰূপান্তৰিত হৈ বৰ্তমানে বিদ্যমান হৈ আছে এই ঠাইত। এইয়াই হৈছে আই কনকলতা আৰু দামোদৰ আতাই প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত কুঁজি সত্ৰ।

বটদ্ৰৱা থানৰ দক্ষিণ দিশত প্ৰায় ৭ কিলোমিটাৰ নিলগত তথা মৰিগাঁও জিলাৰ মিকিৰভেটা ৰাজহ চক্ৰৰ এলেকাধীন, বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত অতন্ত্য পিছপৰা অঞ্চল হিচাপে পৰিচিত এই সত্ৰ খনলৈ প্ৰয়াত মন্ত্ৰী তথা সমষ্টিৰ সেই সময়ৰ বিধায়ক দীগেন বৰাৰ বাদে কোনো মন্ত্ৰীৰ পদাৰ্পন হোৱা নাই।কুজি বিলৰ পাৰত নৈসৰ্গিক পৰিবেশত অৱস্থিত সত্ৰখনলৈ পোন প্ৰথমবাৰৰ বাবে এগৰাকী মন্ত্ৰী তাকো মুখ্যমন্ত্ৰী আগমনক লৈ সত্ৰ খনত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে।

মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকমুহূৰ্তত সত্ৰ চৌহদত মৰিগাঁও জিলা প্ৰশাসন, সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱ, আইমাতৄ সকলোৱে মিলি প্ৰস্তুতি চলাইছে। সত্ৰৰ আইমাতৄ সকল সমবেত হৈ হৰি নাম কীৰ্ত্তন কৰি মুখ্যমন্ত্ৰীৰ আপ্যায়নৰ বাবে পিঠা পনা, জলপান প্ৰস্তুত কৰাত এক আনন্দময় পৰিৱেশ বিৰাজ কৰিছে। নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে মৰিগাঁও জিলাৰ ভিতৰুৱা এখন সত্ৰলৈ অহাৰ বিষয়টোত যথেষ্ট উৎসাহ প্ৰদৰ্শন কৰি, তেখেতৰ নিৰাপত্তা, আপ্যায়নৰ বাবে সকলো খিনি কৰা হৈছে বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুপৰীয়া কুজি সত্ৰত উপস্থিত হৈ নৱনিৰ্মিত শিল্পকলা তথা প্ৰাচীন সম্পদ সংগ্ৰহালয় আৰু অতিথিশালাৰ দ্বাৰ মুকলি কৰি, ঐতিহ্যমণ্ডিত কৰ্দৈ বৃক্ষ দৰ্শন কৰি থানত ঘৰত সেৱা ল'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in