জামুগুৰিহাটৰ হ’লি চাইল্ড ইংলিছ স্কুলত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক অভিনন্দন...

জামুগুৰিহাটৰ হ’লি চাইল্ড ইংলিছ স্কুলত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক অভিনন্দন...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ সদ্যঘোষিত CBSE পাঠ্যক্ৰমৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ পিছতেই জামুগুৰিহাটৰ হ’লি চাইল্ড ইংলিছ স্কুলত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়৷ মঙলবাৰে বিয়লি অনুষ্ঠিত এই বিশেষ অভিনন্দন অনুষ্ঠানটিত বিদ্যালয়খনৰপৰা পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় কৰ্তৃপক্ষই একোখনকৈ ফুলাম গামোছা আৰু প্ৰমাণ পত্ৰৰে অভিনন্দন জনাই উজ্জ্বল ভৱিষ্যত কামনা কৰে৷

উল্লেখ্য যে সদ্যঘোষিত দশম শ্ৰেণীৰ পৰীক্ষাত বিদ্যালয়খনৰ ১০০% শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে৷ তথা পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪৪গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৪৪ গৰাকীয়েই সফলতাৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

বিদ্যালয়খনৰ শিক্ষয়ত্ৰী পৰী শইকীয়াই আঁত ধৰা বিশেষ অভিনন্দন অনুষ্ঠানটিৰ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে অঞ্চলটোৰ বহুকেইগকী গণমান্য ব্যক্তিয়ে। তেওঁলোকে বক্তব্যত সফলতাৰে উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতৰ দিনতো অধ্যয়নৰ জৰিয়তে আৰু অধিক ভাল ফলাফল প্ৰদৰ্শনৰ চেষ্টা অব্যাহত ৰখাৰ লগতে একোগৰাকী সু-নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈও আহবান জনায়৷

আনহাতে ছাত্ৰ-ছাত্ৰীসকলেও বিদ্যালয়খনত অধ্যয়ণকালত শিক্ষক-শিক্ষয়ত্ৰীসকলৰ পৰা লাভ কৰা জ্ঞান, আচাৰ ব্যৱহাৰ আৰু শিক্ষক-শিক্ষয়ত্ৰীসকলে কৰা বন্ধুত্বমূলক আচৰণ আদি ৰোমন্থণ কৰি আৱেগিক হৈ পৰাও পৰিলক্ষিত হয়৷

এই বিশেষ অভিনন্দন অনুষ্ঠানটিত নদুৱাৰ শিক্ষা বিষয়া প্ৰণৱ কুমাৰ বৰা, জামুগুৰি একাডেমীৰ প্ৰধান শিক্ষক বাসৱ ভূঞা, পানপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা চিত্ৰলেখা দেৱী, জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লৱীতা শৰ্মা মহন্ত, উপ পৌৰপতি অঞ্জন কলিতা, সমাজকৰ্মী মহেন্দ্ৰ বৰুৱা, বিদ্যালয়খনৰ সঞ্চালক মতি নেৱাৰ, সচিব সঞ্জয় কুমাৰ নেৱাৰ, অধ্যক্ষ কুমাৰ নেৱাৰ, বিদ্যালয়খনৰ শৈক্ষিক সমন্বয়ক অভিজিত বৰকটকীৰ লগতে সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক সকলেও অংশগ্ৰহণ কৰে৷

জামুগুৰিহাটৰ হ’লি চাইল্ড ইংলিছ স্কুলত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক অভিনন্দন...
৪দিন ধৰি সন্ধানহীন টিংখাঙৰ ৮বছৰীয়া উমেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in