৪দিন ধৰি সন্ধানহীন টিংখাঙৰ ৮বছৰীয়া উমেশ...

৪দিন ধৰি সন্ধানহীন টিংখাঙৰ ৮বছৰীয়া উমেশ...

author-image
Asomiya Pratidin
New Update
৪দিন ধৰি সন্ধানহীন টিংখাঙৰ ৮বছৰীয়া উমেশ...

ডিজিটেল ডেস্কঃ টিংখাং সমষ্টিৰ দুই নং বামুনপুখুৰী গাঁৱৰ মণ্টু ঘটোৱাৰ আৰু সুনিতা ঘাটোৱাৰৰ পুত্ৰ উমেশ ঘাটোৱাৰ (৮) যোৱা ১২ মে'ৰ পৰা সন্ধানহীন হৈ আছে । ১২ মে'ৰ সন্ধিয়া সমনীয়াৰ সৈতে বামুনপুখুৰীত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠান চাবলৈ গৈছিল। তেতিয়াৰে পৰা সন্ধান নাই নপাম ঘুগুলনি প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ উমেশ ঘাটোৱাৰ ।

Advertisment

পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ-খুচাৰ কৰে যদিও বৰ্তমানলৈকে ছাত্ৰজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ১২ মে'ৰ দিনা এজন অচিনাকি লোকৰ সৈতে ঘূৰি ফুৰা প্ৰত্যক্ষ কৰিছিল পৰিয়ালৰ লোকে। উমেশক প্ৰলোভন অথবা অপহৰণ কৰি লৈ গৈছে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।

Also Read: ধিঙত ভয়াৱহ অগ্নিকাণ্ডঃ জাহ গ'ল কুৰিটা গৃহ...

tingkhang missing case