১ এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষৰ পাঠদানঃ প্ৰকাশ পালে নতুন পাঠ্যক্ৰম...

১ এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষৰ পাঠদানঃ প্ৰকাশ পালে নতুন পাঠ্যক্ৰম...
১ এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষৰ পাঠদানঃ প্ৰকাশ পালে নতুন পাঠ্যক্ৰম...

ডিজিটেল ডেস্কঃ ১ এপ্ৰিলৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নতুন পাঠ্যক্ৰম। ইয়াৰ বাবে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমে প্ৰকাশ কৰি উলিয়াইছে নতুন পাঠ্যক্ৰম।

আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ফ্লেগ অফ কৰিলে নতুন শিক্ষাবৰ্ষৰ নতুন পাঠ্যক্ৰম। গুৱাহাটীৰ বোন্দাস্থিত চেণ্ট্ৰেল গুডামৰ পৰা নতুন শিক্ষা বৰ্ষৰ বাবে নতুন পাঠ্যক্ৰমৰ কিতাপ লৈ প্ৰত্যক জিলালৈ যাত্ৰা আৰম্ভ কৰিলে কেইবাখনো ট্ৰাকে।

মন্ত্ৰী ৰণোজ পেগুৱে প্ৰকাশ কৰা অনুসৰি ১৯ টা ভাষাত প্ৰকাশ কৰা হৈছে পাঠ্যপুথিসমূহ। ৰাজ্যৰ মুঠ ৬০ লাখ ৪০ হাজাৰ ১১৬ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব মুঠ মুঠ ৩ কোটি, ৩৫ লাখ পাঠ্যপুথি।

উল্লেখ্য যে, এইবাৰৰ নতুন পাঠ্যক্ৰমত বুৰঞ্জী আৰু ভূগোল বিষয়ক কিতাপৰ কলেৱৰ পূৰ্বতকৈ বৃদ্ধি পাইছে। শিক্ষাৰ্থীক বুৰঞ্জী আৰু ভূগোলৰ অধিক জ্ঞান দিয়াৰ বাবেই পাঠ্যক্ৰমত এই বিষয়ে অধিক সন্নিবিষ্ট কৰা হৈছে।

আনহাতে পূৰ্বে ঘোষণা কৰাৰ দৰেই ইংৰাজী ভাষাত প্ৰকাশ কৰি উলিওৱা হৈছে গণিত আৰু বিজ্ঞান বিষয়ক পাঠ্যপুথি। আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিতৰণ কৰা পাঠ্যপুথিসমূহ 'ক' শ্ৰেণীৰ পৰা 'দ্বাদশ' শ্ৰেণীলৈকে সকলো শিক্ষাৰ্থীকে বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব।

অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমে প্ৰকাশ কৰি উলিওৱা এই পাঠ্যপুথি বিতৰণ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপৰিও অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ অধ্যক্ষ দেৱানন্দ হাজৰিকা, উপাধ্যক্ষ তুলশী বৰঠাকুৰ, পৰিচালন সঞ্চালক ওম প্ৰকাশ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, পৰিচালন সঞ্চালক এছ এন চৌধুৰী আদি উপস্থিত থাকে।

১ এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষৰ পাঠদানঃ প্ৰকাশ পালে নতুন পাঠ্যক্ৰম...
ধূলা কাণ্ডত মৃত্যু হোৱা আৰতি তুৰিৰ মাতৃক বিক্ৰী কৰিলে বহিঃ ৰাজ্যত !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in