ডাক বিভাগৰ অভিনৱ পদক্ষেপ..

ডাক বিভাগৰ অভিনৱ পদক্ষেপ..

author-image
Asomiya Pratidin
New Update
ডাক বিভাগৰ অভিনৱ পদক্ষেপ..

ডিজিটেল সংবাদ, হাজোঃ দেশৰ ডাক বিভাগে গ্ৰহণ কৰিছে অভিনৱ পদক্ষেপ।সমাজৰ প্ৰতিটো পৰিয়ালক সংলগ্ন কৰাৰ প্ৰয়াস ডাক বিভাগৰ। দেশৰ প্ৰতিটো পৰিয়ালে পৰিয়ালে যাব দেশৰ ডাক বিভাগ।

এই সন্দৰ্ভতে হাজোত ডাক বিভাগৰ উদোগত অনুষ্ঠিত কৰা হয় আৰ্থিক সাক্ষৰতা সভা। হাজোৰ বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত ডাক বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ উপস্থিতিত সম্পন্ন হয় ডিচিডিপি সভা।

হাজোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পুৰুষ মহিলাসকলৰ উপস্থিত থকা ডিচিডিপি সভাত আৰ্থিক সাক্ষৰতাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে ডাক বিভাগৰ উচ্চপদস্থ বিষয়াই।ডাক বিভাগৰ পৰিদৰ্শক অৰবিন্দৰ কুমাৰ আৰু হাজো ডাক বিভাগৰ কৰ্মচাৰী জিয়াউল হকৰ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা ডিচিডিপি সভাই ৰাইজৰ মাজত আৰ্থিক সাক্ষৰতা আনিব বুলি আশাবাদী ডাক বিভাগ।

Also Read: শুকুৰ আলি !

india post hajo