/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/cd246b0d-f3f6-4ee6-aa8c-64fbc59195b7/tyyy.jpg)
ডিজিটেল সংবাদ, হোজাইঃ প্ৰচণ্ড গৰমৰ মাজতো হোজাই জিলা প্ৰশাসনে লামডিঙত আয়োজন কৰিলে আন্ত:জিলা ভলীবল প্ৰতিযোগিতা ৷ এজাক ক্ৰীয়া প্ৰেমী যুৱকে প্ৰচণ্ড গৰমকো নেওচি খেলিছে ভলীবল ৷
অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে হোজাই আৰক্ষী আৰু ৰবিন্দ্রনাথ টেগৰ বিশ্ববিদ্যালয়ৰ হোজাই ছাত্ৰ ইউনিয়নৰ উদ্যোগত জিলা ভিত্তিক লামডিঙ ন্যশনেল স্কুলৰ খেল পথাৰত অনুষ্ঠিত হয় প্ৰতিযোগিতাখন ৷ এই টুৰ্নামেন্টত মুঠ ১০টা প্ৰতিযোগি দলে অংশ গ্ৰহণ কৰে ৷
দল কেইটা ক্ৰমে লামডিং কলেজ টিম A, লামডিং কলেজ টিম B, শংকৰদেৱ Sports Academy, লংকা মহাবিদ্যালয়, Super Spike RTU, 2nd APTF Lumding, আৰু হোজাই আৰক্ষীৰ লগতে অসমৰ বিভিন্ন স্থানৰ পৰা আহি অংশগ্ৰহন কৰিলে এই প্ৰতিযোগিতাত ৷
সম্পূৰ্ণ খেলখনৰ পৰিচালক তথা নিৰীক্ষক হিচাপে এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল হোজাইৰ আৰক্ষী অধীক্ষক গৰাকীক ৷ এই খেল আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে দিনক দিনে যুৱ প্ৰজন্মই ড্ৰাগছ প্ৰতি আসক্ত হৈ পৰিছে ৷ যাৰ ফলত ধ্বংস গৰাহলৈ গৈছে যুৱ সমাজ ৷ সেয়হে এনে ধৰণৰ খেলৰ মাধ্যমেৰে যুৱ প্ৰজন্মই ড্ৰাগছৰ পৰা সকাহ পাব ৷
হোজাই জিলাৰ আৰক্ষী অধীক্ষক সংবাদ মাধ্যমক জনাই যে এনে ধৰনৰ ক্ৰীয়া প্ৰতিযোগিতাই সুস্থ সমাজ গঢ়ি তুলিবলৈ বিশেষ ভাৱে অৰিহণা যোগায়। এই ভলীবল প্ৰতিযোগিতা উপস্থিত থাকে হোজাই জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক, লামডিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লামডিঙৰ বিশিষ্ট বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
Also Read: অৱশেষত গ্ৰেপ্তাৰ কেনাৰামঃ কেইমাহমান পূৰ্বে ভুৱা এনকাউন্টাৰক লৈ সৃষ্টি হৈছিল বিভ্ৰান্তিৰ