অনিৰ্দিষ্টকাললৈ বন্ধ লামডিং-শিলচৰ পাহাৰ লাইনত ৰে'লৰ চলাচল...

কেইবাখনো ৰে'ল বাতিল

author-image
Asomiya Pratidin
New Update
অনিৰ্দিষ্টকাললৈ বন্ধ লামডিং-শিলচৰ পাহাৰ লাইনত ৰে'লৰ চলাচল...

অনিৰ্দিষ্টকাললৈ বন্ধ লামডিং-শিলচৰ পাহাৰ লাইনত ৰে'লৰ চলাচল...

ডিজিটেল সংবাদ লামডিংঃ পুনৰ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ লামডিং-শিলচৰ ৰে'ল পথ। উল্লেখ্য যে ৰীমালৰ প্ৰভাৱত যোৱা দুদিন ধৰি অহা প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত লামডিংৰ পৰা আগৰতলা অভিমুখী বহু কেখন ৰে'ল বাতিল কৰা হৈছে।

Advertisment

বাতিল কৰা এই ৰে'লসমূহৰ ভিতৰত আছে 13175 শিয়াল দাহ আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ, 15625 দেউঘৰ আগৰতলা এক্সপ্ৰেছো। ইয়াৰোপৰি আছে আন কেইবাখনো ৰে'ল।

উত্তৰ পূব সীমান্ত ৰে'লৱে বহুকেইখন ৰে'ল বাতিল কৰাৰ পাছতে লামডিং ষ্টেচনত শিলচৰ অভিমুখী বহু কেইখন ৰে'লৰ যাত্ৰী আবদ্ধ হৈ পৰাৰ লগে লগে ৰে'লযাত্ৰীসকলৰ মাজত হাহাকাৰ ময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

Also Read: মহাত্মা গান্ধীক অপমান ! প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে গোচৰ দিলে লুইত কুমাৰ বৰ্মনে...

উত্তৰ পূব সীমান্ত ৰেলৱে লামডিং