NDPS আইনৰ আধাৰত হোজাই আদালতৰ প্ৰথমটো ৰায়দান...

দুই অবৈধ সৰবৰাহকাৰীক ১৫ বছৰৰ কাৰাদণ্ড, ১ লাখকৈ টকাৰ জৰিমণা

author-image
Asomiya Pratidin
New Update
NDPS আইনৰ আধাৰত হোজাই আদালতৰ প্ৰথমটো ৰায়দান...

NDPS আইনৰ আধাৰত হোজাই আদালতৰ প্ৰথমটো ৰায়দান...

ডিজিটেল সংবাদ লংকাঃ হোজাই জিলা সত্ৰ ন্যায়ধীশ আদালতে আজি Narcotic Drugs and Psychotropic Substances আইনৰ আধাৰত ৰুজু হোৱা এটা গোচৰত প্ৰথমটো ৰায়দান কৰে। ৰে'ল যুগে অবৈধভাৱে ভাং সৰবৰাহ কৰা চাইফ উদ্দিন আৰু ইছলাম উদ্দিন নামৰ দুজন সৰবৰাহকাৰীক ১৫ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ১ লাখকৈ টকা জৰিমণা বিহা হৈছে।

Advertisment

উল্লেখ্য যে, হোজাই আৰক্ষীয়ে বিশেষ সূত্ৰৰ অধাৰত ২০২২ চনৰ ৫ ছেপ্টেম্বৰৰ নিশা নামণিমুৱা ৰাণী কমলাপতি এক্সপ্ৰেছত অভিযান চলাই হোজাই ৰে'ল ষ্টেচনত ২০২ কেজি ভাংসহ দুয়োজনকে গ্ৰেপ্তাৰ কৰিছিল ৰে'লৰ দবাৰ পৰা।

ইয়াৰ পিছতে হোজাই আৰক্ষী থানাত ৩৮৭/২২ নম্বৰত এন ডি পি এছ আইনৰ ১১৪/২২ ধাৰাত ৰুজু কৰা হৈছিল গোচৰ। ইয়াৰ পিছত এন ডি পি এছ আইনৰ ২০ (চি)/২৯ ৰ অধীনত চলিছিল বিচাৰ প্ৰক্ৰিয়া।

৮ গৰাকী চৰকাৰী সাক্ষী লৈ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি আদালতে চূড়ান্ত ৰায়দান প্ৰদান কৰে। সেই অনুসৰিয়েই দোষী সাব্যস্ত হোৱা দুই সৰবৰাহকাৰীক ১৫ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১ লাখকৈ টকা জৰিমণা বিহা হৈছে। চৰকাৰী পক্ষৰ হৈ অধিবক্তা অমৰ জ্যোতি শইকীয়াই উক্ত গোচৰত যুক্তি দৰ্খাইছিল।

Also Read: বৃদ্ধি হৈছে কপিলীৰ জলপৃষ্ঠঃ মথাউৰি মেৰামতিত নামিল ৰাইজ...

হোজাই সত্ৰ ন্যায়াধীশ