"শাৰীৰিক অক্ষমতা হেঙাৰ হ'ব নোৱাৰে" প্ৰমাণ কৰিলে লামডিঙৰ ছাত্ৰই...

শাৰীৰিক অক্ষমতাও যে হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণিত কৰিলে লামডিং এজন ছাত্ৰই। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬২ শতাংশৰে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে লামডিং প্ৰবীন দাস...

author-image
Asomiya Pratidin
New Update
"শাৰীৰিক অক্ষমতা হেঙাৰ হ'ব নোৱাৰে" প্ৰমাণ কৰিলে লামডিঙৰ ছাত্ৰই...

ডিজিটেল সংবাদ, লামডিং : শিক্ষা তথা যিকোনো কামৰ সফলতাৰ ক্ষেত্ৰত দৰিদ্ৰতা তথা শাৰিৰীক অক্ষমতাই যে বাধা হৈ থিয় দিব নোৱাৰে তাকে পুনৰ প্ৰমাণিত কৰিলে লামডিঙৰ এজন বিশেষভাৱে সক্ষম ছাত্ৰই৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলি উঠিছে লামডিং জৰংদিচাৰ নিৱাসী অজয় দাস আৰু লক্ষী দাসৰ পুত্ৰ প্ৰবীন দাসে ৷

Advertisment

শাৰিৰীক বাধাকো নেওচি এইগৰাকী ছাত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬২ শতাংশৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে এটা বিষয়ত লেটাৰ মাৰ্কো অৰ্জন কৰিছে ৷ হুইল ছেয়াৰত বহি পৰীক্ষা দিছিল প্ৰবীন দাসে ৷ ভৱিষ্যতে ডাঙৰ মানুহ হোৱাৰ সপোন দেখা প্ৰবীন দাস লামডিং নেচনেল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ৷ লামডিং জৰংদিচা অঞ্চলৰ বাসিন্দা প্ৰবীন দাসে বাংলা বিষয়ত ৫৯, ইংৰাজীত ৭৪, গণিতত ৫৪, সাধাৰণ বিজ্ঞানত ৪২, সমাজ বিজ্ঞানত ৫১, ইলেক্ট্ৰনিকচ্ এণ্ড হাৰ্ডওয়েৰত ৯২ সহ মুঠ নম্বৰ ৩৭২ নম্বৰেৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়।

প্ৰবীন দাসে অৰ্জন কৰা এই সাফল্যতাত বিদ্যালয়খনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী তথা জৰংদিচা ৰাইজৰ লগতে অভিভাৱকো উৎফুল্লিত হৈ পৰিছে ৷ আৰ্থিক দুৰৱস্থাই জুৰুলা কৰা এই পৰিয়ালটোক দিন হাজিৰা কৰি পোহপাল দি আছে প্ৰবীনৰ পিতৃয়ে ৷ পঢ়া শুনা কৰি আগুৱাই যাবলৈ প্ৰবীনক এতিয়া অকণমান সহায়ৰ প্ৰয়োজন ৷

সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰক অনুৰোধ প্ৰবীনৰ পৰিয়ালৰ, চৰকাৰে যেন সহায়ৰ হাত আগবঢ়াই প্ৰবীনক ৷ বহু কষ্টৰে হুইল ছেয়াৰত বহিয়ে জীৱন কটোৱা এই ছাত্ৰজনক চৰকাৰে সহায় কৰিলে এজন ভাল মানুহ হ'বলৈ সক্ষম হ'ব বুলি মত প্ৰকাশ কৰে স্থানীয় ৰাইজে।

Also Read: গহপুৰৰ দুই কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন সদৌ অসম সাংবাদিক সন্থাৰ...

lumding GOVT OF ASSAM