মোৰাঝাৰত দুই নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰ

মোৰাঝাৰত দুই নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
মোৰাঝাৰত দুই নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, মোৰাঝাৰঃ শুকুৰবাৰে সন্ধিয়া হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীয়ে শিঙিৰপাৰ গাঁৱত অভিযান চলাই দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে শিঙিৰপাৰ গাঁৱৰ বাসিন্দা শ্বাকিৰ হুছেইন ( ৩৩) আৰু মোৰাঝাৰ চাৱাজপুৰ গাঁৱৰ নাজিম উদ্দিন (৩০) ।

Advertisment

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, গোপন খবৰৰ ভিত্তিত মোৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল চন্দ্ৰ ৰয়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে সন্দেহজনক ড্ৰাগছ বিক্ৰী কৰা অৱস্থাত শ্বাকিৰ হুছেইন আৰু নাজিম উদ্দিনক হাতেলোটে আটক কৰে। দুয়োটাৰ কবলৰ পৰা ৮ টা প্লাষ্টিক কন্টেইনাৰ ভৰ্তি ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।

৮ টা কন্টেইনাৰত থকা ড্ৰাগছৰ পৰিমাণ ১০.৩৯ গ্ৰাম বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে । ধৃত শ্বাকিৰ হুছেইনে জিলা খনৰ বিভিন্ন স্থানত বহু পূৰ্বৰ পৰা ড্ৰাগছ যোগান ধৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

শ্বাকিৰ হুছেইনক কিছুমান দিন আগতে ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত তেজপুৰ আৰক্ষীয়ে কলিয়াভোমোৰা সেতুৰ ওপৰত আটক কৰিছিল।ইপিনে ধৃত নাজিম উদ্দিনো ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত পূৰ্বতে গ্ৰেপ্তাৰ হৈ হাজত খাটিছিল।মোৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল চন্দ্ৰ ৰয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ইতিমধ্যে সফল হৈছে।

Also Read: অশান্ত সোণাৰি চাপৰিঃ থলুৱা ব্যৱসায়ীৰ দোকান বলপূৰ্বক বন্ধৰ ফটোৱা জাৰি...

morajhar