অশান্ত সোণাৰি চাপৰিঃ থলুৱা ব্যৱসায়ীৰ দোকান বলপূৰ্বক বন্ধৰ ফটোৱা জাৰি...

অশান্ত সোণাৰি চাপৰিঃ থলুৱা ব্যৱসায়ীৰ দোকান বলপূৰ্বক বন্ধৰ ফটোৱা জাৰি...
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ এখন শান্ত সমাহিত গ্রাম্যপ্ৰধান ব্যৱসায়িক অঞ্চল সোণাৰি চাপৰি। সম্প্ৰীতি ভাতৃত্ববোধেৰে সম্পৃক্ত এই সোণাৰি চাপৰি অঞ্চলত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে আতংকময় পৰিবেশ। বৃহত্তৰ সোণাৰি চাপৰি চাৰিআলিত যুগ যুগান্তৰ ধৰি ব্যৱসায় চলাই অহা থলুৱা ব্যৱসায়ী সকলৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান বলপূৰ্বক বন্ধ কৰি একাংশ লোকে পৰিবেশ অশান্তজর্জৰ কৰি তোলাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।

প্ৰধানতঃ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰস্তাৱিত ষষ্ঠ অনুসূচীত সোণাৰি চাপৰিৰ অনামিচিং গাঁও অন্তৰ্ভুক্ত হবলৈ নিবিচৰাৰ বাবে একাংশ মুষ্টিমেয় জনগোষ্ঠীয় ব্যক্তিয়ে সমগ্ৰ সোণাৰি চাপৰি ব্যৱসায়িক এলেকাত শুকুৰবাৰে বিয়লিৰ পৰা দোকান পোহাৰ বন্ধ কৰিবলৈ ফটোৱা জাৰি কৰি এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে। শনিবাৰে সন্ধিয়াও একে ঘটনাৰ পুনৰাবৃত্তি ঘটে সোণাৰি চাপৰিত।

সন্ধিয়া একাংশ মুষ্টিমেয় জনগোষ্ঠীয় ব্যক্তিয়ে মুকলি ভাবে সাধাৰণ ৰাইজৰ লগতে ব্যৱসায়ীক উদ্দেশ্যি বিভিন্ন ভাবুক পূৰ্ণ আৰু সকীয়নীমূলক ফটোৱা জাৰি কৰি সকলো দোকান পোহাৰ বন্ধ কৰিবলৈ বাধ্য কৰে। ঘৰ বাৰী জ্বলাই দিয়াৰ মুকলি ভাবে সকীয়নি দিয়ে। সাধাৰণ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি প্ৰচাৰ কৰি ফুৰা এনে সকীয়নিমূলক কাণ্ডৰ বাবে এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোত। যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ অঞ্চলটোৰ সাধাৰণ ৰাইজে বিনিদ্ৰ ৰজনী কটোৱা বুলি অভিযোগ তুলিছে সংবাদ মাধ্যমৰ আগত।

সন্ধিয়া হলেই এক আতংকময় পৰিবেশৰ সূত্ৰপাত ঘটা সোণাৰি চাপৰিত কোন অপশক্তিয়ে কাৰ প্ৰৰোচনাত পৰি কি ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে এনে সন্ত্ৰাস আৰম্ভ কৰিছে সেয়া ৰাইজে উপলব্ধি কৰিছে। এনে অশান্তিময় পৰিবেশত দুদিন ধৰি দিন কটোৱা অতিষ্ঠ সাধাৰণ নাগৰিকে স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত ঢকুৱাখনা সদৰ আৰক্ষী ,বিধায়ক নৱ দলেক মৌখিক ভাবে অৱগত কৰিছে । ঢকুৱাখনা আৰক্ষীয়ে সোণাৰি চাপৰি আৰক্ষীৰ সহযোগত শনিবাৰে নিশা পহৰা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সাধাৰণ ৰাইজৰ ভয় শংকা আঁতৰ হোৱা নাই।

এই ক্ষেত্ৰত সোণাৰি চাপৰি আৰক্ষীৰ সোপাধিলা স্থিতিত ৰাইজ ক্ষুব্ধ। যিকোনো মুহূৰ্তত আইন শৃংখলাজনিত পৰিবেশৰ সূত্ৰপাত ঘটাৰ আশংকাত ত্ৰস্তমান সাধাৰণ নাগৰিক। উল্লেখযোগ্য যে এইক্ষেত্ৰত এগৰাকী শিক্ষকতাৰ বৃত্তিত জড়িত গেৰুৱা দলৰ স্থানীয় জনগোষ্ঠীয় নেতাৰ উচতনিমূলক বক্তব্যৰ বাণীবদ্ধ ৰূপ সামাজিক মাধ্যমত প্ৰকাশ হোৱাত বিষয়টোৰ অন্তৰালত কি শক্তি জড়িত সেয়া স্পষ্ট হৈ পৰিছে।

শীঘ্ৰে এই সুবিধাভোগী অপশক্তি সমূহক নিয়ন্ত্ৰণ নকৰিলে অচিৰেই অকল্পনীয় পৰিস্থিতিৰ সূত্ৰপাত ঘটাৰো আশংকা নুই কৰিব নোৱাৰি। এই ক্ষেত্ৰত মহকুমাধিপতি কাৰ্ত্তিক কলিতাক ভুক্তভোগী ৰাইজে অৱগত কৰি জিলা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে।

অশান্ত সোণাৰি চাপৰিঃ থলুৱা ব্যৱসায়ীৰ দোকান বলপূৰ্বক বন্ধৰ ফটোৱা জাৰি...
বাসুগাঁও পৌৰসভাৰ ৭০বছৰ বয়সৰ উৰ্ধৰ পৌৰপতিক শাৰীৰিক আক্ৰমণ ব্যৱসায়ীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in