
ডিজিটেল সংবাদ, লামডিংঃ লামডিঙত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ব'ল বম লৈ যোৱা ৭জন ভক্তক মহতীয়াই নিলে তীব্ৰবেগী বাহনে। শাওণ মাহৰ অন্তিমটো সোমবাৰৰ পূৰ্বে সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰি গৈছে ৰে'লনগৰী লামডিঙক। ঘটনাত ২জনকৈ যুৱকৰ মৃত্যু হয়।
২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা ডাঙৰীয়া বাবা শিৱ মন্দিৰৰ সন্মুখত নিশা সংঘটিত হয় এই ঘটনা। হাফলং ফালৰ পৰা লামডিং অভিমুখী দ্ৰুতবেগী ইকো মাৰুতি বাহনে মহতীয়াই নিয়ে ৭জনকৈ লোকক।
ঘটনাত থিতাতে নিহত হোৱা যুৱকজন হ'ল লামডিং কৃষ্ণনগৰৰ বাসিন্দা মুবাৰক আহমেদ। আনহাতে ডিফু অসামৰিক চিকিৎসা কেন্দ্ৰলৈ নি থকাৰ সময়তে মৃত্যুক আঁকোৱালি লোৱা আন এজন যুৱকে। জানিব পৰা মতে যুৱক জনৰ ঘৰ লংকাত। উল্লেখ্য আহত আনকেইজন যুৱক অতি সংকটজনক অৱস্থাত ডিফু অসামৰিক চিকিৎসা কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত আছে।