ভাৰত ভূটান সীমান্তত পথ দুৰ্ঘটনাঃচাইকেল আৰোহী নিহত
ভাৰত ভূটান সীমান্তত পথ দুৰ্ঘটনাঃচাইকেল আৰোহী নিহত

ভাৰত ভূটান সীমান্তত পথ দুৰ্ঘটনাঃচাইকেল আৰোহী নিহত

মেজিক বাহনে মহতিয়াই নিলে চাইকেল আৰোহীক

ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ গেৰেজ লাইনত ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ এখন মালবাহী মেজিক বাহনে মহতিয়াই নিয়ে চাইকেল আৰোহীক ৷

ফলত থিতাতে নিহত এন কে দৰংগাৰ সমৰ আলি (১৮)নামৰ এজন যুৱক ৷ উল্লেখ্য যে, নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ চাইকেলেৰে গৈ থকাৰ অৱস্থাতে পথৰ কাষত ৰৈ থকা আন এখন বাহনৰ চালকে দৰ্জা খুলি দিয়াত খুন্দা খায় পথৰ ওপৰতে বাগৰি পৰে চাইকেল আৰোহী সমৰ।

তেতিয়াই পথৰে আহি থকা আন এখন মেজিক বাহনে মহতিয়াই নিয়ে সমৰ আলিক। এই ঘটনাই শোকৰ ছাঁ পেলাইছে অঞ্চলটোত।

ভাৰত ভূটান সীমান্তত পথ দুৰ্ঘটনাঃচাইকেল আৰোহী নিহত
৭০ হাজাৰত কাঞ্চনজুৰিত এৰাতি...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in