বিশ্বখনিকৰৰ আৰাধনাত বিশেষ আকৰ্ষণ লেণ্ডাৰ বিক্ৰম

সমগ্ৰ ৰাজ্যৰ লগতে লামডিঙতো বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা ধুম-ধামেৰে আয়োজন কৰা হয়

author-image
Asomiya Pratidin
New Update
বিশ্বখনিকৰৰ আৰাধনাত বিশেষ আকৰ্ষণ লেণ্ডাৰ বিক্ৰম

ডিজিটেল সংবাদ, লামডিংঃ সমগ্ৰ ৰাজ্যৰ লগতে লামডিঙতো বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা ধুম-ধামেৰে আয়োজন কৰা হয়। লামডিং আৰক্ষী থানা, বিভিন্ন চৰকাৰী কাৰ্যালয় তথা ৰে'লৱে কাৰ্যালয়সমূহতো ব্যপক প্ৰস্তুতিৰে আয়োজন কৰিছে বিশ্বখনিকৰৰ আৰাধনা।

ইয়াৰে মাজতে লামডিং মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ৰ বৈদ্যুতিক অভিযন্তা বিভাগত বিশ্বকৰ্মা পূজা উপলক্ষে সাজি তুলিলে ব্যতিক্ৰমী কাৰুকাৰ্য। বৈদ্যুতিক অভিযন্তা বিভাগৰ ৰে'লৱে কৰ্মচাৰী তথা অভিযন্তাসকলে চন্দ্ৰযান ৩ৰ আৰ্হিত সাজি উলিয়ালে লেণ্ডাৰ বিক্ৰম। উল্লেখ্য যে, পূজাত উপস্থিত আছিল ৰে'লৱে মণ্ডলীক প্ৰবন্ধক প্ৰেম ৰঞ্জন কুমাৰ ৷

Also Read: বৃক্ষ ৰোপণেৰে অভিলেখ গঢ়া অসমৰ কাজিৰঙাত অবাধ বন ধ্বংস যজ্ঞ

lumding