বৃক্ষ ৰোপণেৰে অভিলেখ গঢ়া অসমৰ কাজিৰঙাত অবাধ বন ধ্বংস যজ্ঞ

১ কোটি গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ গঢ়া অসমতে অবাধ গতিত বন ধ্বংস যজ্ঞ

author-image
Asomiya Pratidin
New Update
বৃক্ষ ৰোপণেৰে অভিলেখ গঢ়া অসমৰ কাজিৰঙাত অবাধ বন ধ্বংস যজ্ঞ

ডিজিটেল সংবাদ, কাজিৰঙাঃ ১ কোটি গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ গঢ়া অসমতে অবাধ গতিত বন ধ্বংস যজ্ঞ। বন বিভাগৰ অকৰ্মণ্যতাৰ বাবে অবাধ গতিত বন ধ্বংস যজ্ঞ চলিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত ৷

Advertisment

উল্লেখ্য যে ক্ৰমে ধ্বংসৰ গৰাহলৈ কাজিৰঙাৰ আশীৰ্বাদস্বৰূপ কাৰ্বি পাহাৰ ৷ কাৰ্বি পাহাৰৰ সেউজ ভূমিত এতিয়া বনদস্যুৰ হাতোৰা পৰা সুলভ কাৰ্য হৈ পৰিছে ৷ এফালৰ পৰা ধ্বংস কৰা হৈছে মনোৰম সেউজীয়া কাৰ্বি পাহাৰ। এফালে যদি পাহাৰৰ গছ কাটি তহিলং কৰা হৈছে আনফালে বণিকগোষ্ঠীৰ অতিথিশালা নিৰ্মাণৰো অঘোষিত প্ৰতিযোগিতা চলিছে ৷

সুউচ্চ কাৰ্বি পাহাৰ ক্ৰয় কৰি বহিৰাগত বণিকগোষ্ঠীয়ে হোটেল নিৰ্মাণৰ প্ৰস্তুতি চলাইছে৷ ইতিমধ্যে এটা পাহাৰৰ বৃহৎ অংশত আৰম্ভ হৈছে বাউণ্ডেৰী ৱালৰ কাম ৷ হাতীৰ সঘন আহ যাহ তথা বিচৰণভূমি হিচাপে পৰিগণিত হোৱা অঞ্চলটোত ৱাল স্থাপন কৰা হৈছে ৷ পিছে ইমানৰ পাছতো নিৰ্বিকাৰ বন বিভাগ, কিম্বা প্ৰশাসন। যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত।

Also Read: দুই বিশিষ্ট সাংবাদিকৰ মৃত্যুত জাৰ্নেলিষ্ট ফৰাম, অসমৰ শোক প্ৰকাশ

kaziranga national park